কৰ’নাক লৈ ল’ৰা ধেমালি একাংশ স্বাস্থ্য বিষয়া কৰ্মীৰ

123597 coronavirus 2

কৰ’নাৰ দ্ৰুত সংক্ৰমণ অব্যাহত ৰাজ্যত ৷ ইয়াক লৈ উদ্ভৱ হ’ব পৰা ভয়াৱহ পৰিস্থিতিৰ সম্ভাৱনীয়তা আগতীয়াকৈ উপলব্ধি কৰিয়ে শাৰীৰিক অসুস্থতাক নেওচি ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ দিনে নিশাই ঘূৰি ফুৰিছে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ অথচ স্বাস্থ্যমন্ত্ৰী ড° শৰ্মাৰ সকলো ধৰণৰ কষ্টক পানী কৰাৰ পাং পাতি কৰ’নাক লৈ ল’ৰা ধেমালি কৰিছে স্বয়ং স্বাস্থ্য বিভাগৰ একাংশ বিষয়া কৰ্মচাৰী তথা চিকিৎসক নাৰ্ছে । বিশেষকৈ কৰ’নাত আক্ৰান্ত লোকক কৰ’নাৰ ফলাফল নিগেটিভ ঘোষণাৰে জি এম চি হাস্পতালৰ পৰা ঘৰলৈ যোৱাৰ অনুমতি দিয়াক কেন্দ্ৰ কৰিয়ে মহানগৰীৰ লাচিত নগৰত সৃষ্টি হোৱা এক উত্তপ্ত পৰিস্থিতিৰ ৷

ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৰ অন্যতম সদস্য টিংকু কায়স্থই কয় “মোৰ দেউতা ৰমেশ কায়স্থৰ বয়স প্ৰায় ৬৮ বছৰ ৷ গাৰ বিষকে আদি কৰি শাৰীৰিক অসুস্থতাৰ কাৰণে দেউতাক যোৱা ২৮ জুনত জি এম চি হাস্পতালত ভৰ্তি কৰোৱা হয়। ই চি জি, আলট্ৰা ছন’গ্ৰাফীকে ধৰি প্ৰয়োজনীয় চিকিৎসা সেৱা আগবঢ়োৱাৰ পাছত প্ৰস্ৰাৱৰ সংক্ৰমণ ধৰা পৰে । ইয়াৰ পিছত সকলো স্বাস্থ্য বিধি সম্পন্ন কৰাৰ পিছত কৰ’নাৰ বাবে লেলাউটিৰো নমুনা পৰীক্ষা কৰে। কৰ’নাৰ ফলাফল নিগেটিভ অহাৰ পিছত দেউতাক ঘৰলৈ অহাৰ অনুমতি প্ৰদান কৰে ৷ কিন্তু ঘৰলৈ অনাৰ পিছত পুনৰ ফোন কৰি ক’ভিড নিয়ন্ত্ৰণৰ এজন দায়িত্বশীল বিষয়াই কয় যে ৰোগীজন কৰ’নাত আক্ৰান্ত । তেওঁ যে কৰ’নাত আক্ৰান্ত তাৰ প্ৰতিবেদন বিচৰাৰ পিছতো কৰ্তৃপক্ষই দিব পৰা নাই । কেৱল কৰ’নাত আক্ৰান্ত লোকৰ তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত বুলিয়ে দায়িত্ব সামৰে ৷” প্ৰথমতে কৰ’নাত ফলাফল নিগেটিভ বুলি কোৱাৰ পিছত পুনৰ পজিটিভ বুলি ফোন কৰাৰ কাৰ্যক ল’ৰা ধেমালী বুলি অভিহিত কৰিছে কায়স্থই ।

ইপিনে কৰ’নাত আক্ৰান্ত লোকৰ ফলাফল নিগেটিভ বুলি ঘৰলৈ পঠিয়াই দিয়াই নহয় । কনটেইনমেন্ট জ’নত থকা লোকসকলক লেলাউটিৰ নমুনা দিবলৈ ক’ভিড-১৯ৰ কেন্দ্ৰলৈ মাতি পঠিয়ালে স্বাস্থ্য বিভাগৰ দায়িত্বশীল বিষয়া কৰ্মচাৰীয়ে ৷ ইয়াকে লৈ জাঙুৰ খাই উঠিছে বিগত তিনিদিন ধৰি কনটেইনমেন্ট জ’নত থকা লোকসকল । দৈনিক অগ্ৰদূতৰ আগত এই কথা সদৰী কৰি মহানগৰীৰ গান্ধীবস্তিৰ নিবাসী খৰ্গেশ্বৰ মজুমদাৰে কয়, আমাৰ বাসগৃহ চৌহদত ভাড়াতীয়া হিচাপে থকা ঘৰুৱা সহায়ক মঞ্জু ডেকাৰ শৰীৰত যোৱা ২৮ জুনত কৰ’নাৰ অৱস্থিতি ধৰা পৰে । সিদিনাই মহিলাগৰাকীক জি এম চি হাস্পতালত ভৰ্তি কৰায় স্বাস্থ্য বিভাগে । লগতে তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলৰ লেলাউটিৰ নমুনা সংগ্ৰহৰ বাবে তালিকা দিয়াৰ পিছতো নমুনা সংগ্ৰহ কৰা নাই স্বাস্থ্য বিভাগে । ইয়াৰ ভিত্তিতে দি যোৱা নম্বৰত যোগাযোগ কৰাত ৰাজগড় ছোৱালী হাইস্কুলৰ ক’ভিড কেন্দ্ৰলৈ নমুনা দিবৰ বাবে মাতি পঠিয়াই। ক’ভিড কেন্দ্ৰলৈ যদি যাবই পাৰি তেন্তে কনটেইনমেন্ট জ’নৰ অৰ্থ কি বুলি প্ৰশ্ন কৰে লোকজনে ৷ তদুপৰি কনটেইনমেন্ট জ’নত থকা পৰিয়ালসমূহক প্ৰশাসনে এই সময়ত খাদ্য সামগ্ৰী যোগান ধৰাতো দূৰৰৈ কথা এবাৰো খবৰ নোলোৱা বুলি কয় মজুমদাৰে ।

Exit mobile version