গুৱাহাটীত কৰ’নাৰ ভয়াৱহ সংক্ৰমণ

3coronavirus 82

অসমত প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ গুৱাহাটী মহানগৰীতো বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ।মংগলবাৰে ৰাজ্যত ৫৭২ জন ৰোগীৰ দেহত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷ ইয়াৰে ৩৮০ জনেই গুৱাহাটী মহানগৰীৰ ৷ এই কথা টুইটাৰ যোগে জনালে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ সম্প্ৰতি কৰ’নাৰ উৰ্দ্ধগামী সংখ্যাই আতংকৰ সৃষ্টি কৰিছে মহানগৰীবাসীৰ মাজত ৷ ইফালে ৰাজ্যত মুঠ কৰ’নাত আক্ৰান্ত হৈছে ৮৪০৭ জন, সুস্থ হৈছে ৫৬৪৭ জন, চিকিৎসাধীন হৈ আছে ২৭৪৫ জন ৷ আৰু মৃত্যু হৈছে ১২ জনৰ ।

Exit mobile version