চীনত আৰু এক ভাইৰাছৰ সন্ধান

467ceee7daa433fa6ab5

কৰ’নাৰ সংক্ৰমণৰ সমান্তৰালভাৱে বিশ্বত এইবাৰ সন্তাস সৃষ্টি কৰিবলৈ গৈ আছে ‘জি ফৰ’ নামৰ এক নতুন ভাইৰাছে । কৰ’নাৰ উৎপত্তিৰ স্থল চীনতে সৃষ্টি হৈছে এই নতুন ভাইৰাছবিধ। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এখন জাৰ্নেলত প্ৰকাশ পাইছে এই তথ্য । ইয়াৰ পাছতে বিশ্বজুৰি পুনৰ মহামাৰীৰ আশংকা বৃদ্ধি পাইছে। কৰ’নাৰ ভয়ংকৰ পৰিস্থিতিৰ অৱসান হোৱাৰ পূৰ্বেই নতুন এক মহামাৰীয়ে চকু পকাই ধৰাত বিশেষজ্ঞসকলো শংকাগ্ৰস্ত হৈ পৰিছে । সবাতোকৈ ডাঙৰ কথা এই নতুন ভাইৰাছবিধৰ চীনতে সন্ধান লাভ কৰাত স্বাভাৱিকতে পুনৰ আতংক বৃদ্ধি পাইছে । এই ভাইৰাছবিধ ছোৱাইন ফ্লুৰ বিবৰ্তিত ৰূপ।

ADVERTISEMENT

ইতিপূৰ্বে সন্ত্ৰাসৰ সৃষ্টি কৰা ‘এইছ ৱান’ ভাইৰাছে ‘জি-ফৰ’ৰ জিনগত মিল আছে । সেয়েহে বিশেষজ্ঞ, বিজ্ঞানী তথা চিকিৎসকসকলৰ মাজত সৰৱ চৰ্চ্চাও হৈছে। জাৰ্নেলখনৰ খবৰ অনুসৰি চীনৰ গৱেষকসকলেই এই নতুন ধৰণৰ ছোৱাইন ফ্লুৰ ভাইৰাছবিধৰ সন্ধান লাভ কৰিছে, যি বিধ ভাইৰাছে পুনৰ মহামাৰীৰ সূচনা কৰিব পাৰে। ৰি নতুন ভাইৰাছবিধৰ ভিতৰত জি-ফৰ’ সবাতোকৈ ক্ষতিকাৰক। এই ভাইৰাছে মানুহৰ শ্বাস-প্রশ্বাস প্ৰক্ৰিয়াত মাৰাত্মক প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। মুখ্যতঃ জ্বৰ, কাহ আৰু হাচি এই নতুন ভাইৰাছৰ প্ৰধান লক্ষণ। মানৱ কোষত এই ভাইৰাছবিধে প্ৰতিকোষ স্থাপন কৰাতো সক্ষম।

Exit mobile version