ভাৰতত ফেয়াৰ এণ্ড লাভলি কিয়? প্ৰশ্ন কৰিলে এজন ক্ৰিকেটাৰে

0fari lovely F1 0

এইবাৰ “ফেয়াৰ এণ্ড লাভলি”ৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন অধিনায়ক ডাৰেণ চামীয়ে ৷ ডাৰেণ চামীৰ প্ৰশ্ন যে ভাৰতত কিয় “ফেয়াৰ এণ্ড লাভলি”ৰ দৰে ক্ৰীম আছে ? কাৰণ ফেয়াৰ এণ্ড লাভলিৰ বিজ্ঞাপনে বৰ্ণবাদক প্ৰাধান্য দিয়ে ৷ এইয়া ভাল কথা নহয় ৷ লগতে চামীয়ে কয় যে মানুহে সকলোকে প্ৰশংসা কৰিব লাগে ৷ আৰু শিক্ষাক অধিক গুৰুত্ব দিব লাগে ৷ উল্লেখযোগ্য যে দীৰ্ঘদিনৰ পৰা যুৱক যুৱতীসকলক বগা হোৱাৰ সপোন দেখুওৱা “ফেয়াৰ এণ্ড লভলী”য়ে নাম সলনি কৰিব ৷ লগতে কোম্পানীয়ে “ফেয়াৰ এণ্ড লভলী”ৰ পৰা ফেয়াৰ শব্দটো উঠোৱাৰ প্ৰসংগও উত্থাপন কৰিছে ৷ আনহাতে বিগত সময়ৰ পৰা ক’লা বগা ছালক লৈ কৰি অহা বিভিন্ন বিতৰ্ক সূচক ধাৰণা পৰিৱৰ্তন কৰিবলৈকে”ফেয়াৰ এণ্ড লভলী”ৰ ক্ষেত্ৰত এই সিদ্ধান্ত লৈছে কৰ্তৃপক্ষই ৷

ইপিনে বিগত সময়ত আমেৰিকাত হোৱা কৃষ্ণাংগ হত্যাই সমগ্ৰ বিশ্বত ছালৰ ক’লা-বগাৰ ক্ষেত্ৰত চলি অহা ধাৰণাক সলনি কৰি দিলে ৷ সম্প্ৰতি বলীউডৰ বহু কেইজন চেলীব্ৰেটীয়ে ফেয়াৰনেছ ক্ৰীমৰ বিজ্ঞাপন কৰিবলৈ অস্বীকাৰ কৰিছে ৷ লগতে বিশ্বৰ ব্যৱসায়ৰ লগত জৰিত লোকসকলেও ছালৰ ক্ষেত্ৰত সততে দেখা দিয়া ভেদাভেদক পৰিহাৰ কৰিছে ৷ ইউনিলিভাৰ বিউটি এণ্ড পাৰ্চনেল কেয়াৰ ডিভিজনৰ অধ্যক্ষ চ’নী জৈনে কয় “ফেয়াৰ, হুৱাইট, লাইট”ৰ দৰে শব্দই ধুনীয়া শব্দটোক উপলুঙাহে কৰে ৷ এইয়া শুদ্ধ নহয়। গতিকে আমি ইয়াক শুধৰাব বিচাৰো ৷ লগতে কম্পনীয়ে কয় যে আমাৰ বেণ্ডৰ পেকেজিঙৰ পৰা ফেয়াৰ, হুৱাইটনিং আৰু লাইটনিঙৰ দৰে শব্দক আঁতৰাই দিয়া হ’ব ৷ ইয়াৰ লগতে বিজ্ঞাপনত সকলো ৰঙৰ মহিলাক অংশগ্ৰহণ কৰিবলৈ দিয়া হ’ব ।

Exit mobile version