ভাৰতৰ বিৰুদ্ধে অভিযোগ আনি শ’লঠেকত প্ৰধানমন্ত্ৰী কে পি অ’লী

KP Oli Nepal PM

ভাৰতৰ বিৰুদ্ধে অভিযোগ আনি এইবাৰ নিজেই শ’লঠেকত পৰিছে নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লী ৷ কাৰণ মংগলবাৰে এনচিপি(নেপাল কমিউনিষ্ট পাৰ্টি)ৰ জ্যেষ্ঠ নেতাসকলৰ এখন বৈঠকত প্ৰধানমন্ত্ৰী অ’লীয়ে শীঘ্ৰেই পদত্যাগ কৰিব লাগে বুলি দাবী কৰে । ইয়াৰ বিপৰীতে সম্প্ৰতি প্ৰধানমন্ত্ৰী অ’লীয়ে ভাৰতৰ বিৰুদ্ধে অনা অভিযোগৰ সন্দৰ্ভত স্পষ্টীকৰণ দিবলৈ চেষ্টা কৰিছে যদিও হিতে বিপৰীতে হোৱাৰ আগজাননীহে দেখা দিছে দেশখনত ৷ কাৰণ ভাৰতৰ লগত সম্পৰ্ক বিচ্ছেদ কৰাৰৰ উপৰিও অ’লী চৰকাৰৰ দোদুল্যমান স্থিতিৰ কাৰণে চীনে নেপালৰ বহু হেক্টৰ মাটিৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ অভিযোগ উঠিছে। ইফালে নেপালৰ বাতৰি কাকত “দ্য হিমালয়ান টাইমছ”ৰ প্ৰতিবেদন অনুসৰি মংগলবাৰে হোৱাৰ এনচিপিৰ বৈঠকখনত অকলশৰীয়া হৈ পৰিছিল অ’লী ৷ দলৰ নেতা পুস্প কমল দহলে কয় যে পুনৰ এইখন চৰকাৰে ভাৰত বিৰোধী খেল খেলিছে ৷ নিজৰ অক্ষমতাক ঢাকি ৰাখিবৰ কাৰণে আৰু মানুহৰ সহানুভূতি পাবৰ কাৰণে বেলেগৰ ওপৰত দোষ জাপি দিছে ৷

উল্লেখযোগ্য যে এন চি পি বহু প্ৰভাৱশালী নেতা ক্ৰমে মাধবী কুমাৰ নেপাল,ঝালনাথ খনাল আৰু বামদেৱ গৌতম আদিৰ দৰে উপস্থিত থকা এই বৈঠকখনত অ’লীৰ পদত্যাগৰ দাবীক সমৰ্থন কৰে । এই নেতাসকলৰ ভাষ্য যে প্ৰধানমন্ত্ৰী পদ টোৰ এটা সন্মান আছে ৷ কিন্তু অ’লিয়ে যেনেকৈ অভিযোগ উত্থাপন কৰিছে তাৰ পিছতো তেওঁ এই পদটোত থাকিব পৰা নৈতিক অধিকাৰ হেৰুৱাই পেলালে । প্ৰধানমন্ত্ৰীয়ে প্ৰমাণ অবিহনেই অভিযোগ কৰিছে ৷ এইয়া সহ্য কৰা নহ’ব ৷ উল্লেখযোগ্য যে কেপি শৰ্মা অ’লিয়ে অভিযোগ কৰিছিল যে ভাৰতে আমাৰ চৰকাৰক গাদীচ্যুত কৰিব বিচাৰিছে ৷ ইয়াৰ কাৰণে দিল্লী আৰু কাঠমাণ্ডুত অভিসন্ধি চলিছে  ৷ ভাৰত চীনৰ সীমান্তৰ সন্দৰ্ভত চলি থকা বিভিন্ন বিতৰ্কৰ মাজতে নেপালৰ প্ৰধানমন্ত্ৰীৰ ভাৰতৰ বিৰুদ্ধে এই অভিযোগ চৰ্চালৈ আহিছিল ৷

Exit mobile version