ৰোগী কঢ়িওৱা বাহনৰ পৰাও জৰিমনা আদায়

WhatsApp Image 2020 07 01 at 12.58.11 PM

সঠিক নীতি-নিৰ্দেশনাৰ অভাৱতে তলাবন্ধ কঠোৰভাৱে বলবৎৰ নামত উদভ্ৰান্ত হৈ পৰিছে একাংশ আৰক্ষী। আনকি ৰোগী কঢ়িওৱা বাহনৰ পৰাও জৰিমনা আদায় কৰিলে আৰক্ষীয়ে। ইয়াকে লৈ তলাবন্ধৰ ক্ষেত্ৰত জাৰি কৰা নিৰ্দেশনা স্বয়ং আৰক্ষীয়ে উলংঘা কৰাৰ অভিযোগ উঠিছে। ইয়াকে লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ পাছত ঘটনা সন্দৰ্ভত তদন্ত ঘোষণা কৰে মহানগৰ আৰক্ষীৰ যান-বাহন শাখাৰ উপ-আৰক্ষী আয়ুক্ত এম কুমাৰে। মহানগৰ আৰক্ষীৰ এক সূত্ৰই এই কথা সদৰী কৰি জনোৱা মতে, কিছুদিন পূৰ্বে দুৰ্ঘটনাত পতিত হৈ বাওঁভৰিত আঘাতপ্ৰাপ্ত দৰং জিলাৰ কৈকৰা নিবাসী উমেশ বৰাৰ পত্নী সবিতা চহৰীয়া আৰু ভাতৃ মুকুট চন্দ্ৰ বৰুৱাৰ সহযোগত মঙলবাৰে এখন মাৰুটি ভান ভাড়াত লৈ জি এম চি হাস্পতালত চিকিৎসকক সাক্ষাতৰ বাবে মহানগৰীত উপস্থিত হয়। শৰাইঘাট দলঙৰ পৰা একাধিক তালাচীৰ সন্মূখীন হ’লেও কৰ্তব্যৰত আৰক্ষীৰ দলে ৰোগী উমেশ বৰুৱাক নিয়া বাহনখন যোৱাৰ অনুমতি দিয়ে। কিন্তু মালিগাঁও চাৰিআলিত কৰ্তব্যৰত আৰক্ষীয়ে ৰোগী কঢ়িয়াই নিয়া এ এছ-১৩ই ৯২৩৩ নম্বৰৰ মাৰুতি ভানখন ৰখাই প্ৰথমে দুহেজাৰ টকা দাবী কৰে।

পাছত চালক নৱ কুমাৰ বৰুৱাই ৰোগী কঢ়িয়াই অনাৰ কথা বিৱৰি কাকূতি মিনতি কৰাত আৰক্ষীয়ে পাঁচশ টকাৰ জৰিমনা বিহে। লগতে মাৰুতি ভানখনৰ চালক তথা আৰোহীক অশ্লীল শব্দৰে গালি গালাজ পৰাৰ লগতে পথৰ ৰদত প্ৰায় ৪৫ মিনিট সময় ৰখাই থয়। ইপিনে, ৰোগী কঢ়িয়াই অনা বাহনখনৰ গ্লাছত ক’লা ফিল্ম লগোৱা বাবেহে কৰ্তব্যৰত আৰক্ষীয়ে জৰিমনা বিহা বুলি কয় যান বাহন শাখাৰ উপ-আৰক্ষী আয়ুক্ত এম কুমাৰে। তেওঁ কয় যে ৰোগী কঢ়িয়াই অনা এখন এখন বাহনৰ পৰা জৰিমনা আদায় কৰাটো সঁচা। অৱশ্যে বাহনখনৰ ভিতৰত যে ৰোগী আছে সেই বিষয়ে বাহনখনৰ চালকজনৰ লগতে আৰোহীয়ে আৰক্ষীক অৱগত কৰা নাছিল। তদুপৰি বাহনখনৰ গ্লাছত ক’লা ফিল্ম লগোৱা বাবেহে কৰ্তব্যৰত আৰক্ষীয়ে জৰিমনা বিহে। গাড়ীৰ ভিতৰত শুই থকা লোকজনৰ ভৰিখনকাপোৰেৰে ঢকা আছিল বাবেও আৰক্ষীয়ে লোকজন ৰোগী বুলি জ্ঞাত নাছিল। ভৱিষ্যতে যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় সেয়া নিশ্চিতকৰণৰ বাবে জালুকবাৰী থানাৰ যান-বাহন শাখাৰ ভাৰপ্ৰাপ্ত বিষয়াক নিৰ্দেশ দিয়া হৈছে বুলিও তেওঁ কয়।

Exit mobile version