কৰ’নাক পৰাজিত কৰিবলৈ পশ্চিমবংগত বনাব ‘আৰোগ্য সন্দেশ’

iStock 470668157 1593406715

কৰ’নাক প্ৰতিহত কৰিবলৈ পশ্চিমবংগ চৰকাৰে লৈছে বিশেষ পদক্ষেপ । পশ্চিমবংগৰ বজাৰত শীঘ্ৰেই আহিব ‘আৰোগ্য সন্দেশ’। সকলোৱে জানে বাঙালী সকল খাদ্য ৰসিক। মাছে-ভাত খোৱাৰ পাছত বাঙালী সকলে যে মিঠাই খাবলৈ ভাল পায় সেই কথাও সৰ্বজন জ্ঞাত । বৰ্তমানৰ কৰ’না সংক্ৰমণৰ সময়ত তেনে এটা মিঠাই যদি ৰোগ প্ৰতিৰোধৰ ক্ষমতাযুক্ত হয় তেন্তে স্বাভাৱিকতে বাঙালীসকলে এনে মিঠাই খাবলৈ ভাল পাব । বৰ্তমানৰ এই দুৰ্দিনৰ সময়ত এনে এটা মিঠায়ে ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰিব বুলি স্বয়ং ৰাজ্য চৰকাৰে দাবী কৰিছে ।

ADVERTISEMENT

পশ্চিমবংগত ইয়াৰ পূৰ্বে মিঠাই প্ৰস্তুতকাৰ বলৰাম মল্লিকে এনে ধৰণৰ ৰোগ প্ৰতিৰোধী ক্ষমতাবৰ্ধক মিঠাই বনাইছিল। তুলসী , হালধি, সৰু ইলাচি, মৌ, আদা, তেতেলী, জালুক, ক’লাজিৰা, জায়ফল, তেজপাতৰ লগতে গাখীৰৰ চানা মিহলাই এই মিঠাই বনোৱা হৈছিল। ঔষধি গুণ অক্ষুণ্ণ ৰাখিবলৈ এনে মিঠাইত চেনী অথবা গুড় ব্যৱহাৰ কৰা হোৱা নাছিল।মিঠাৰ বাবে ব্যৱহাৰ কৰা হৈছিল হিমালয়ৰ পৰা অনা মৌ । পূৰ্বতে বনোৱা এই ‘ইমিউনিটি সন্দেশ ‘য়ে পশ্চিমবংগৰ বজাৰত বিপুল সমাদৰ লাভ কৰিছে। উল্লেখ্য যে ৰাজ্য চৰকাৰৰ উদ্যোগতেই প্ৰস্তুত কৰা হ’ব আৰোগ্য সন্দেশ । এনে এটা সন্দেশৰ দাম হ’ব ২৫টকা । এই কথা প্ৰকাশ কৰিছে ৰাজ্যখনৰ সুন্দৰবন উন্নয়ন মন্ত্ৰী মণ্টুৰাম পাখিৰাৰে।

Exit mobile version