দৰঙত এখন ব্যতিক্ৰমী বিবাহ

কি উজনি কি নামনি সকলোতে এতিয়া বানৰ সংহাৰী ৰপ ৷ তাৰ মাজতে  দৰঙত অনুষ্ঠিত হ’ল এখন ব্যতিক্ৰমী বিবাহ ৷ প্ৰলয়ংকাৰী বানপানীৰ বাবে ছিপাঝাৰ সমষ্টিৰ কুমাৰপাৰা গাঁৱৰ পৰা দৰা সাজি বগাছলা গাঁৱলৈ কলৰ ভূড়ত ৰাওনা হ’ল নুৰ আলম ৷ অনুষ্টুপীয়াকৈ বিবাহ কাৰ্য সম্পন্ন হ’ল নুৰ আলম আৰু জুনুৱাৰা বেগমৰ ৷ যিদৰে দৰা আহিছিল কলৰ ভূড়ত সেইদৰে আন এখন কলৰ ভূড়ত কইনাক উঠাই কুমাৰপাৰা পালেগৈ দৰা-কইনা ৷ দুখন কলৰ ভূড়ত দৰা আৰু কইনাৰ যাত্ৰা পথৰ সাক্ষী হৈ ৰ’ল অগনন লোক ৷ স্মৃতি ৰোমন্থনৰ বাবে কোনেৱে লৈছে চেল্ফি আন কোনোৱে লৈছে ভিডিঅ’ ৷

উল্লেখ্য যে কলৰ ভূড়েৰে যাত্ৰা কৰি বিবাহ কাৰ্য সম্পন্ন কৰিবলগীয়া হোৱাৰ বাবে স্থানীয় লোকে ক্ষোভ প্ৰকাশ কৰিছে ৷ কিয়নো ২০০৪ চনতে ছিপাঝাৰ সমষ্টিৰ পাথৰিঘাট ৰাজহ চক্ৰ এলেকাৰ দুৰদুৰিয়াত দিমীলা নদীৰ বাঢ়নী পানীয়ে চিঙি নিছিল মথাউৰি ৷ তাৰ পিছতে আজিলৈ কোনো এখন চৰকাৰৰ ৰাজত্ব কালত মথাউৰিটো পুনৰ নিৰ্মাণ নকৰাত বছৰ বছৰ ধৰি বৃহত্তৰ প্ৰায় ১৫ খন গাঁৱৰ ৰাইজে যমৰ যাতনাত দিন অতিবাহিত কৰিবলগীয়া হৈছে ৷ ৰাইজৰ আবেদন বিবাহ কাৰ্যৰ দৰা -১৬ বছৰে উন্মুক্ত অৱস্থাত থকা মথাউৰি নিৰ্মাণৰ ব্যৱস্থা কৰি যান্ত্ৰনাৰ পৰা মুক্তি দিয়ক ৷

Exit mobile version