মহানগৰীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰ ৰূপান্তৰিত হ’ল ক’ভিড-১৯ হাস্পতাললৈ ৷ ৮০০ খন বিচনাযুক্ত হাস্পতালখনৰ ৮০ শতাংশ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে ৷ খোৱাপানীৰ ব্যৱস্থাত পৰা যাৱতীয় সকলো সুবিধাই উপলব্ধ হ’ব হাস্পতালখনত ৷ ইতিমধ্যে ৰোগীৰ বাবে নতুন বিচনাৰ ব্যৱস্থা কৰা হৈছে ।
মহানগৰীত যিধৰণে কৰ’না দ্ৰুতগতিত সংক্ৰমিত হৈছে, তাৰ প্ৰতি লক্ষ্য ৰাখি সৰু সজাই ষ্টেডিয়াম, মণিৰাম দেৱান ট্ৰেড চেন্টাৰ আদি বাণিজ্যিক ঠাইসমূহ ক’ভিড-১৯ হাস্পতাললৈ ৰূপান্তৰিত কৰিছে ৷ উত্তৰ পূব ৰেলৱেৰ মালিগাঁওস্থিত হাস্পতালখন ক’ভিড-১৯ হাস্পতাললৈ ৰূপান্তৰিত কৰা এক চিন্তা চৰ্চা চলিছে ৷ এনেকৈ মহানগৰীস্থিত বহুতো হাস্পতাল তথা বাণিজ্যিক স্থল ক’ভিড-১৯ হাস্পতাললৈ ৰূপান্তৰিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ ।