সূৰ্যৰ ১০ বছৰৰ যাত্ৰা ধৰা পৰিল এঘন্টাত

সূৰ্যৰ বিষয়ে জানিবলৈ সকলোৱে আগ্ৰহী । সূৰ্য দেখিবলৈ কেনেকুৱা, সময়ৰ লগে লগে ইয়াৰ বয়সৰ ভৰত শৰীৰৰ কিমানখিনি পৰিৱৰ্তিত হৈছে এইবোৰ জানিবলৈ সকলোৱে আগ্ৰহী । সেই আগ্ৰহ পূৰণ কৰাৰ বাবেই নাছাই ছ’লাৰ ডায়নেমিক অবজাৰভেটৰী যন্ত্ৰৰ সহায়ত সূৰ্যৰ বিভিন্ন সময়ৰ ফটো নানা দিশৰ পৰা সংগ্ৰহ কৰিছে । নাছাৰ সূত্ৰই জনোৱা মতে, হাই ৰিজ’লিউশ‍্যত সূৰ্যৰ বহিঃভাগৰ প্ৰায় ৪২ কোটি ৫০ লাখ ফটো সংগ্ৰহ কৰা হয় । বিগত ১০ বছৰ ধৰি এইদৰে বিভিন্ন সময়ৰ ফটো আৰু ভিডিঅ’ সংগ্ৰহৰ পদ্ধতিক কোৱা হৈছে ‘টাইম লেপছ্’ ।

হিচাপ অনুসৰি এই প্ৰতি ০.৭৫ছেকেণ্ডত সূৰ্যৰ এখনকৈ ফটো তোলা হৈছে । ইয়াৰ পাছতে নাছাই সেই ফটো সমূহৰ এটা ভিডিঅ’ প্ৰস্তুত কৰিছে । এই ভিডিঅ’ত সূৰ্যৰ এটা দশকৰ যাত্ৰাত দেখুওৱা হৈছে মাত্ৰ এঘণ্টাত । এই মাধ্যমেৰে সংগ্ৰহ কৰা জাপ জাপ ফটোৰ প্ৰতিখনৰে খুঁটি-নাটি পৰ্যবেক্ষণ, বিশ্লেষণ, অংক কৰা আৰু ইমানবোৰ ফটোৰ পৰা এটা ভিডিঅ’ প্ৰস্তুত কৰি সাধাৰণ মানুহৰ বাবেও বোধগম্য কৰি তোলা কাৰ্যৰে তেওঁলোকে প্ৰায় অসাধ্য সাধন কৰিবলৈ সক্ষম হয় । একাংশ বিজ্ঞানীৰ মতে, এই ‘টাইম লেপছ্’ ভিডিঅ’ৰ জৰিয়তে সূৰ্যৰ নানা অজানা দিশ পোহৰলৈ আহিছে ।

Exit mobile version