আহি আছে কৰ’নাৰ ভেকচিন: কিন্তু কি ক’লে বিশেষজ্ঞই ?

corona vaccine

কৰ’না ভাইৰাছৰ মহামাৰীৰ সময়তে আহিছে এক সুখবৰ ৷ ভাৰতত তৈয়াৰ কৰা কৰ’না ভেকচিন ১৫ আগষ্টত মুকলি কৰিব পাৰে ৷ এই সন্দৰ্ভত আইচিএমআৰে কয় যে পলম নকৰি ৭ জুলাইৰ পৰা ক্লিনিকেলী ট্ৰায়েলৰ ব্যৱস্থা কৰিব লাগে ৷যাতে সকলো ফলাফল অহাৰ পিছত ১৫ আগষ্টৰ পৰা ভেকচিন মুকলি কৰিব পাৰি ৷

অৱশ্যে এই ভেকচিনৰ শেষ ফলাফল কি হয় সেয়া অন্তিম পৰীক্ষাৰ পিছতহে পোহৰলৈ আহিব। ইফালে আই চি এম আৰৰ সঞ্চালকৰ এখন পত্ৰতো ভেকচিনক ১৫ আগষ্টৰ ভিতৰত তৈয়াৰ কৰাৰ কথা উল্লেখ কৰিছে ৷লগতে এই আদশ পালন নকৰিলে ইয়াৰ পৰিণাম দেশবাসীয়ে ভূগিব লাগিব বুলি উল্লেখ কৰে ।

গতিকে এই প্ৰকল্পটোক সকলোতকৈ অধিক প্ৰাথমিক দিয়াৰ কথা উল্লেখ আছে পত্ৰখনত ৷অন্যহাতে বিশেষজ্ঞসকলৰ মতে কৰ’নাৰ ভেকচিন নিৰ্মাণ কৰাত লোৱা তাৎক্ষণিক সিদ্ধান্ত সঠিক নহয়৷ কাৰণ ইয়াত মানুহৰ জীৱনক ধৰ্বংস কৰাৰ আশংকা থাকে। ১৯৫৫ চনত প’লিঅ ভেকচিনেই ইয়াৰ উদাহৰণ। কাৰণ তাৎক্ষণিকভাৱে তৈয়াৰী প’লিঅ ভেকচিনে প্ৰায় ৭০ হাজাৰ শিশুক পংগু কৰিছিল ৷

Exit mobile version