কৰ’নাৰ প্ৰভাৱঃ৩১ জুলাইলৈকে বাতিল কৰিলে আন্তঃৰাষ্ট্ৰীয় বিমানসেৱা

airlines1

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে আন্তঃৰাষ্ট্ৰীয় বিমানৰ ক্ষেত্ৰত থকা প্ৰতিবন্ধকতা ৩১ জুলাইলৈকে বৃদ্ধি কৰিলে ।প্ৰথমতে এই ক্ষেত্ৰত ১৫ জুলাইক ধাৰ্য কৰা হৈছিল ৷ লগতে আন্তঃৰাষ্ট্ৰীয় বিমানৰ ক্ষেত্ৰত লোৱা এই সিদ্ধান্তৰ প্ৰভাৱ আন্তঃৰাষ্ট্ৰীয় কাৰ্গো বিমানসেৱা আৰু বিশেষ বিমান সেৱাত নপৰে৷ইফালে, কৰ’না ভাইৰাছ মহামাৰীৰ কাৰণে ভাৰতে ২৩ মাৰ্চৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বাতিল কৰি থৈছে ।আনহাতে দেশত ২৫ মে’ৰ পৰা ঘৰুৱা বিমানৰ সেৱা আৰম্ভ কৰিছিল ৷ইয়াৰ কাৰণে ২১ মে’ত এখন নিৰ্দেশনাও জাৰি কৰিছিল চৰকাৰে ৷

দেশত প্ৰায় ২০ টা বিমানবন্দৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমানসেৱাৰ সুবিধা উপলব্ধ হয়। এই বিমানবন্দৰসমূহৰ পৰা ৫৫ খন দেশৰ ৮০ খন চহৰলৈ যাব পাৰি। সম্প্ৰতি বিশ্বৰ বহু দেশতে কৰ’না ভাইৰাছে সন্ত্ৰাসৰ সৃষ্টি কৰিছে। গতিকে এনেধৰণৰ পৰিস্থিতিত আন্তঃৰাষ্ট্ৰীয় বিমানসমূহৰ ক্ষেত্ৰত এই সাৱধানতা ল’ব লগাত পৰিছে বিমান কৰ্তৃপক্ষ ।

উল্লেখযোগ্য যে আজি পৰা আৰম্ভ হৈছে বন্দে ভাৰতৰ চতুৰ্থ পৰ্যায়ৰ মিশ্যন ৷ইয়াৰ অন্তৰালত এয়াৰ ইণ্ডিয়াই ৩ ৰ পৰা ১৫ জুলাইলৈকে ১৭ খন দেশৰ পৰা ১৭০ খন বিমান আৰম্ভ কৰিব ৷ইফালে বিদেশত আৱদ্ধ ভাৰতীয় লোকসকলক আনিবৰ কাৰণে চৰকাৰে ৬ মে’ৰ পৰা “বন্দে ভাৰত মিশ্যন আৰম্ভ কৰিছিল। বন্দে ভাৰতৰ চতুৰ্থ পৰ্যায়ত কানাডা,আমেৰিকা,ব্ৰিটেইন,কেনিয়া,শ্ৰীলংকা,ফিলিপাইনছ,কিৰ্গিস্তান,চাউদী আৰৱ,বাংলাদেশ,থাইলেণ্ড,দক্ষিণ আফ্ৰিকা,ৰুছ,অষ্ট্ৰেলিয়া,ম্যানমাৰ,জাপান, ইউক্ৰেইন আৰু ভিয়েটনামৰ পৰা ভাৰতীয় সকলক অনা হ’ব ৷

Exit mobile version