গালৱানত আহতসকলৰ খবৰ লৈ কি ক’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে?

narendra modi galwan

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ জুনত গালৱান উপত্যকাত হোৱা সংঘৰ্ষত আহত হোৱা জোৱানসকলক শুক্ৰবাৰে স্বাস্থ্যৰ বুজ লয় ।লগতে জোৱানসকলক কয়” সমগ্ৰ বিশ্বই আপোনালোকৰ পৰাক্ৰমক বিশ্লেষণ কৰিছে ।আপোনালোকে বীৰতাৰে যুদ্ধ কৰিছে ৷যিসকল জোৱানে আমাক এৰি থৈ গুচি গ’ল,তেওঁলোকো বীৰেই আছিল। আপোনালোক সকলো একত্ৰিত হৈ উচিত প্ৰত্যুত্তৰ দিলে ৷আপোনালোক আহত হৈ চিকিৎসালয়ত আছে কাৰণে এই সন্দৰ্ভত আপোনালোকৰ কোনো ধাৰণা নাই।

সমগ্ৰ দেশৰ জনতাই সম্প্ৰতি আপোনালোকৰ কাৰণে গৌৰৱ অনুভৱ কৰিছে ৷আজি সমগ্ৰ বিশ্বৰ সাম্প্ৰতিক পৰিস্থিতিত আমাৰ দেশৰ জোৱানসকলৰ পৰাক্ৰম কি তাৰেই বাৰ্তা প্ৰেৰণ কৰিছে ৷সমগ্ৰ বিশ্বই আপোনালোকৰ ট্ৰেইনিং,ত্যাগৰ বিষয়ে জানিবলৈ উৎসুক হৈ পৰিছে ৷লগতে আপোনালোকৰ পৰাক্ৰমক বিশ্লেষণ কৰিছে ৷

মোদীয়ে কয় ” আমাৰ দেশ আত্মনিৰ্ভৰশীল হওক ৷আপোনালোকৰ দৰে বীৰসকলৰ কাৰণে মই দৃঢ়তাৰে ক’ব পাৰিছো যে বিশ্বৰ যিকোনো শক্তিৰ আগত কেতিয়াও আমাৰ দেশে শিৰ নত নকৰে ৷লগতে আহত জোৱানসকলৰ আশুআৰোগ্য কামনা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷উল্লেখযোগ্য যে ভাৰত চীন সীমান্তৰ গালৱান উপত্যকাত হোৱা সংঘৰ্ষত ২০ জন জোৱান শ্বহীদ হৈছিল। ইয়াৰ পিছতেই দুয়ো দেশৰ মাজত তীব্ৰ উত্তেজনাই বিৰাজ কৰি আছে ৷

Exit mobile version