চাওঁ আহক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰি

24832318 ab98 4233 a30e c7a9abd80003

১.ৰাজ্যত ১০ হাজাৰ হোৱাৰ দিশে আগবাঢ়িছে কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা ৷বৃহস্পতিবাৰে নিশা নতুনকৈ ৪৭৯ জন লোকৰ শৰীৰত কৰ’না ভাইৰাছ ধৰা পৰিছে৷এই কথা টুইটাৰ যোগে সদৰী কৰিলে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।ইফালে এই পৰ্যন্ত কৰ’নাত আক্ৰান্ত হৈছে ৯,৪৩৪ জন ৷সুস্থ হৈ উঠিছে ৬,১০৬ জন আৰু মৃত্যু হৈছে ১৪ জনৰ ৷

২.ভাৰত চীন সীমান্তৰ পৰিস্থিতি বুজ ল’বলৈ শুক্ৰবাৰে পুৱাতেই লাডাখত উপস্থিত হয়গৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷লাডাখত উপস্থিত হোৱাৰ পিছত তেওঁ স্থল,বায়ু সেনাৰ লগতে আইটিবিপিৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে আলোচনাত বহিছে ৷ উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি লাডাখ চীন সীমান্তক লৈ তীব্ৰ উত্তেজনাই বিৰাজ কৰিছ আছে। আজি প্ৰধানমন্ত্ৰীৰ ভাৰত চীন সীমান্তত হোৱা আলোচনাই এক ইতিবাচক দিশ কঢ়িয়াই আনিব বুলি আশা কৰিছে৷দেশবাসীয়ে ৷

৩.ভাৰত চীন সীমান্তত বৰ্তমান উত্তেজনা অব্যাহত আছে ৷তাৰ মাজতে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি লাডাখৰ পাংগং হ্ৰদ এলেকাৰ পৰা কিছু দূৰত অৱস্থিত ডেপচাং নামৰ অঞ্চলটোত চীনে স্থাপন কৰিছে এইছ কিউ শ্ৰেণীৰ মিছাইল ৷ এই মিছাইলে প্ৰায় ৪০ কিলোমিটাৰ ব্যাসাৰ্দ্ধত ধ্বংসলীলা চলাব।

৪.এতিয়াৰ পৰা তৃতীয় লিংগৰ ব্যক্তিসকলক কেন্দ্ৰীয় অৰ্দ্ধসামৰিক বাহিনীসমূহত কম্বেট অফিচাৰ হিচাপে লোৱা হ’ব। কেন্দ্ৰই ইউ পি এছ চিCAPF পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ তেওঁলোকক অনুমতি দিয়াৰ কথা বিবেচনা কৰে। এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে চি আৰ পি এফ,চি আই এছ এফকে ধৰি অৰ্ধসামৰিক বাহিনীৰ বিভিন্ন শাখাসমূহৰ পৰা মতামত বিচাৰিছে ।

৫.বৃহস্পতিবাৰে প্ৰাক্তন অধিনায়ক কুমাৰ ছাংগাকাৰাক খেল মন্ত্ৰ্যালয়ত স্পেচিয়েল ইনভেষ্টিগেশ্যন য়ুনিটে প্ৰায় ১০ ঘন্টা জেৰা চলায় ।২০১১ ত অনুষ্ঠিত হোৱা বিশ্বকাপৰ ফাইনেল মেচখনত মেচ ফিক্সিং কৰাৰ অভিযোগত জেৰা কৰিছে ৷এই অভিযোগ আনিছিল তেতিয়াৰ ক্ৰিয়ামন্ত্ৰী মহেন্দ্ৰানন্দ অলুথগামগেৰ ৷ সম্প্ৰতি এই খবৰে তীব্ৰ চৰ্চা লাভ কৰিছে ক্ৰীড়া প্ৰেমী সকলৰ মাজত ৷

৭.ৰিয়ালেন্স জিঅ’ই লৈ আহিছে আন এক যুগান্তৰকৰী পদক্ষেপ ৷জিঅ’ ই মুকলি কৰিলে HD ভিডিঅ’ কলিং এপ jioMeet .ইয়াৰ জৰিয়তে এবাৰতে ১০০ জনে অংশগ্ৰহণ কৰিব পাৰিব ভিডিঅ’ কনফাৰেন্সত। উল্লেখযোগ্য যে এই এপ’টো প্ল’ষ্টৰ বা এপ’ ষ্টৰৰ পৰা ডাউনলোড  কৰিব পাৰিব৷

Exit mobile version