দৰঙত অনলাইন পাঠদান কৰি শ্ৰেষ্ঠত্ব অৰ্জন শিক্ষক আব্দুল ৰ’ফ আহমেদৰ

IMG 20200703 WA0025

দৰং জিলাত তলাবন্ধৰ সময়ছোৱাত অনলাইন পাঠদান কৰি জিলাখনৰ  ভিতৰত শ্ৰেষ্ঠত্ব অৰ্জন কৰাৰ উপৰিও  জিলাখনৰ  বিভিন্ন ঠাইত একাংশ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ ঘৰে ঘৰে গৈ সহায়ৰ হাত আগবঢ়াই চৰ্চালৈ আহিছে এগৰাকী আদৰ্শবান শিক্ষক । শিক্ষক গৰাকী হৈছে দৰঙৰ পুৰন্দৰ শৰ্মা স্মৃতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক আব্দুল ৰ’ফ আহমেদ ।

উল্লেখযোগ্য যে ৰাজ্যখনত মহামাৰী কৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ ফলত চলিত বছৰৰ ১৬ মাৰ্চৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ পৰে । চৰকাৰী নিৰ্দেশনালৈ বাট নাচায় আহমেদে নিজাববীয়া প্ৰচেষ্টাৰে  যোৱা ২৪ মাৰ্চৰ পৰা  তলাবন্ধৰ সময়ছোৱাৰ পৰাই আৰম্ভ কৰে অনলাইন পাঠদান আৰু সাহাৰ্য অভিযান । সেই সময়ৰ পৰা এই পৰ্যন্ত সাহাৰ্য অভিযান অব্যাহত ৰাখিছে শিক্ষকগৰাকীয়ে । তলাবন্ধৰ সময়ত আহমেদে বহু দৰিদ্ৰ পৰিয়ালৰ ছাত্র-ছাত্ৰীক অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰী যোগান ধৰাৰ সমান্তৰাল ভাৱে যোগান ধৰি আহিছে ছাত্র-ছাত্ৰীৰ প্ৰয়োজনীয় পাঠ্যপুঠি আৰু প্ৰসংগ পুঠিও ।

শিক্ষক আহমেদে দৰিদ্ৰ ছাত্র-ছাত্ৰী সকলৰ ঘৰে ঘৰে গৈ উক্ত পাঠ্যপুথি আৰু বহী-কাগজ আদি প্ৰদান কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে । ইপিনে অনলাইনত পাঠদান কৰি সমগ্র দৰং জিলাৰ ভিতৰত প্ৰথম গৰাকী শ্ৰেষ্ঠ শিক্ষকৰ  সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে আহমেদে । ইতিমধ্যে দৰঙৰ তদানীন্তন বিদ্যালয়সমূহৰ পৰিদৰ্শক মাধৱ চন্দ্ৰ ডেকা আৰু বৰ্তমানৰ  দায়িত্বত থকা ভাৰপ্ৰাপ্ত বিদ্যালয় পৰিদৰ্শক জৱাহিৰা তাবাচ্ছুমে আব্দুল ৰ’ফ আহমেদক উক্ত স্বীকৃতিৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিছে । ইপিনে জিলাখনত এগৰাকী সাংস্কৃতিক সংগঠক হিচাপেও সুনাম আছে আহমেদৰ । সাংস্কৃতিক কৰ্মী হিচাপেও ইতিমধ্যে স্বীকৃতি লাভ কৰিছে আব্দুল ৰ’ফ আহমেদে । বিভিন্ন চৰকাৰী-বেচৰকাৰী সাংস্কৃতিক অনুষ্ঠানত মন পৰশা গীত গাই ইতিমধ্যে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে আদৰ্শবান শিক্ষক গৰাকীয়ে ।

Exit mobile version