বৰছলাৰ প্ৰতিভাৱান ছাত্ৰৰ ব্যতিক্ৰমী শিল্প কৰ্ম

IMG 20200703 WA0010

কৰ’না মহামাৰীৰ পৰা ৰাজ্যবাসীক সুৰক্ষিত কৰিবলৈ সন্মূখৰ পৰা যুঁজ দিছে চিকিৎসক আৰু স্বাস্থ্য কৰ্মীসকলে৷কৰ’না যোদ্ধাক আমি সন্মান জনাব লাগিব৷কৰ’নাৰ যুঁজখনত ৰাজ্য খনৰ কৰ’নাৰ অন্যতম যোদ্ধা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু স্বাস্থ্যমন্ত্ৰী ড’হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক নিৰাপদে ৰাখিবলৈ দিন- ৰাতি একাকাৰ কৰি ঘূৰিছে ইমূৰৰ পৰা সিমূৰলৈকে৷সেইবাবে কৰ’নাৰ অন্যতম যোদ্ধা মুখ্যমন্ত্ৰী সোনোৱাল-স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কষ্টক শ্ৰদ্ধা আৰু সন্মান জনাই ব্যতিক্ৰমী ৰূপত এজন ছাত্ৰই আঁহতৰ পাতত স্বাস্থ্যমন্ত্ৰী হিমন্তৰ প্ৰতিছব্বি অংকন কৰাৰ লগতে সাংবাদিকৰ চকুৰ সন্মূখতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সোনোৱালৰ ছবি অংকন কৰিলে সুমন দেবনাথ নামৰ এগৰাকী ছাত্ৰই ৷

শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত বৰছলাৰ ভঙামন্দিৰ গাওঁৰ সুমন দেৱনাথ নামৰ এগৰাকী প্ৰতিভাৱান ছাত্ৰই আঁহত গছৰ পাতত ব্যতিক্ৰমী শৈলীৰে অতি নিপুনতাৰে হুবহু মন্ত্ৰী ড° হিমন্তৰ বিশ্ব শৰ্মাৰ প্ৰতিচ্ছবি ব্লেটৰ দ্বাৰা অংকন কৰিলে৷একেদৰে সাংবাদিকৰ চকুৰ সন্মূখতে মুখ্যমন্ত্ৰী সোনোৱালৰ হুবহু প্ৰতিছবি অংকন কৰিলে সুমনে ৷ইমানেই নহয় আঁহতৰ পাতত ভাৰতৰত্ন সুধা কণ্ঠ ভূপেন হাজৰিকাও প্ৰান পাই উঠিল৷ইপিনে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ,সাংসদ পল্লৱ লোচন দাসৰ প্ৰতিচ্ছবিও কাগজত হুবহু অংকন কৰিলে এই জন প্ৰতিভাৱান ছাত্ৰ সুমন দেৱনাথে৷ বাল্যকালৰ পৰাই চিত্ৰ অংকন কৰা প্ৰবল ইচ্ছা থকা সুমন দেৱনাথে সীমিত সুবিধাৰ মাজেৰে কোনো ধৰণৰ চিত্ৰ অংকনৰ প্ৰশিক্ষন আদি নোলোৱাকৈ এনেধৰণে ব্যতিক্ৰমী ৰূপত আঁহতৰ পাতত ছৱি অংকনকে ধৰি কাগজতো দৃষ্টিনন্দন ৰূপত ছবি অংকন কৰি আহিছে৷

কৰোনা যুঁজখনৰ ৰাজ্যৰ অন্যতম দুগৰাকী যুদ্ধাক শ্ৰদ্ধা জনাই সুমন দেৱনাথৰ শিল্প কৰ্মত শেহতীয়াকৈ আঁহতৰ পাতত হুবহু মন্ত্ৰী হিমন্ত প্ৰান উঠাৰ লগতে মুখ্যমন্ত্ৰী সোনোৱাৰ প্ৰতিচ্ছবি অংকন কৰি তেওঁৰ প্ৰতিভা দাঙি ধৰিলে৷ঢেকিয়াজুলিৰ ভঙামন্দিৰ গাঁৱৰ প্ৰতিভাৱান ছাত্ৰ সুমন দেৱনাথৰ এই শিল্প কৰ্মই পাওক উচিত মৰ্যাদা৷ছাত্ৰ জনে প্ৰশিক্ষণ নাইবা তেওঁৰ শিল্প কৰ্মত সহায় লাভ কৰিলে অধিক উৎসাহৰে আগবাঢ়িব পাৰিব সেয়া নিশ্চিত৷এই সন্দৰ্ভত স্থানীয় যুৱক লক্ষেশ্বৰ মিৰ্ধাই কয়-সুমন দেবনাথে সুযোগ আৰু সুবিধা পালে নিজৰ প্ৰতিভা দেখুৱাবলৈ সক্ষম হ’ব বুলি প্ৰকাশ কৰি ভিতৰুৱা অঞ্চলতো সুপ্ত প্ৰতিভা লুকাই আছে সেয়া সুমন দেবনাথে প্ৰতিফলিত কৰিছে বুলি উল্লেখ কৰে৷

Exit mobile version