এই মুহূৰ্তত এশৰো অধিক কৰ’না প্ৰতিষেধকক লৈ বিশ্বজুৰি পৰীক্ষা-নিৰীক্ষা চলি আছে। ইয়াৰ মাজতে অৱশ্যে ১২ টা প্ৰতিষেধকৰ মানৱ শৰীৰতো পৰীক্ষা সম্পন্ন হৈছে। কৰ’নাৰ চিকিৎসাত তিনিটা টিকা বা প্ৰতিষেধক আনুষ্ঠানিক প্ৰয়োগ বা প্ৰতিষেধক সমূহ বজাৰলৈ অহাটো কেৱল এতিয়া এতিয়া সময়ৰ অপেক্ষা। অৱশ্যে এই কৰ’না প্ৰতিষেধকৰ দৌৰত সবাতোকৈ আগত আছে অক্সফৰ্ডৰ বিজ্ঞানীসকলে প্ৰস্তুত কৰা প্ৰতিষেধক। এই ধৰণা বিশ্ব স্বাস্থ্য সংস্থাৰ। অথচ অধিকাংশ লোকৰে কৰ’নাৰ প্ৰতিষেধকৰ প্ৰয়োজন নহ’ব বুলিয়ে দাবী কৰিছে অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ মহামাৰী বিশেষজ্ঞ অধ্যাপিকা সুনেত্ৰা গুপ্তই।
ভাৰতীয়মূলৰ এই বিশেষজ্ঞগৰাকীৰ দাবী, সাধাৰণ ফ্লু বা জ্বৰৰ ক্ষেত্ৰত যিমান আশংকা থাকে,কৰ’নাৰ ক্ষেত্ৰতো এজন সম্পূৰ্ণ সুস্থ পূৰ্ণবয়স্কৰ মানুহৰো সিমানেই আশংকা থাকিব। যিসকল বয়স্ক বা যাৰ কোনো ডাঙৰ ধৰণৰ স্বাস্থ্য সমস্যা আছে, তেওঁলোকৰ ক্ষেত্ৰতো কৰ’নাৰ যথেষ্ট আশংকা আছে। অধ্যাপিকা গুপ্তই জনাই যে যিসকলৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কেৱল তেওঁলোকৰ ক্ষেত্ৰতহে কৰ’নাত স্বাস্থ্যহানিৰ আশংকা হ্রাসত সহায় কৰিব পাৰে। লগতে তেওঁ কয় যে তলাবন্ধ ঘোষণা কৰি কৰ’না সংক্ৰমণ যথেষ্টখিনি ৰোধ কৰাটো সম্ভৱ হৈছে। অৱশ্যে তলাবন্ধ কৰ’না সংক্ৰমণ ৰোধৰ ক্ষেত্রত দীৰ্ঘম্যাদী সমাধান হ’ব নোৱাৰে ।






























