কৰ’নাৰ পৰা ৰক্ষা পাবলৈ পিন্ধিলে সোণৰ মাস্ক

WhatsApp Image 2020 07 04 at 11.01.52 AM

সাধাৰণতে মহিলা সকল সোণৰ প্ৰতি চৌখিন হয় । কিন্ত ইয়াৰ সমান্তৰালকৈ পুৰুষ সকলো কম নহয় । এনে এজন লোক হৈছে মহাৰাষ্ট্ৰৰ পুণেৰ শংকৰ কুৰাডে। কৰ’না সংক্ৰমণৰ পৰা ৰক্ষা পাবৰ বাবে সকলোৱে মুখত মাস্ক ব্যৱহাৰ কৰিছে । এন-৯৫, ছার্জিকেল মাস্ক, ঘৰতে কাপোৰৰ পৰা তৈয়াৰী বিভিন্ন ধৰণৰ মাস্ক আপোনালোকে দেখা পাইছে । কিন্ত শংকৰ কুৰাডে পিন্ধিলে এখন বিশেষ মাস্ক। দুই তোলা সোণৰে তৈয়াৰী এই মাস্কখন । এই মাস্ক খনৰ মূল্য হৈছে দুই লাখ ৮৯ হেজাৰ । সদ্যহতে, শংকৰ কুৰাডে চৌখিন লোক ।

তেওঁৰ হাতৰ দহোটা আঙুলিত সোণৰ আঙুঠি, ডিঙিত সোণৰ চেইন আৰু হাতৰ ব্ৰেচলেটকে ধৰি প্ৰায় তিনি কিলো ওজনৰ সোণৰ গহনা সদায় তেওঁৰ শৰীৰত থাকে । গতিকে, এইবাৰ তেওঁ পিন্ধিলে সোণৰ মাস্ক । এই মাস্ক খনৰ সন্দৰ্ভত শংকৰ কুৰাডে কয় যে এই মাস্ক খন পৰিধান কৰোতে উশাহ-নিশাহ লোৱাত তেওঁৰ কোনো অসুবিধা হোৱা নাই । এই মাস্কখনত উশাহ-নিশাহ লোৱাৰ বাবে সৰু সৰু বহুতো ছিদ্ৰ আছে । পিছে এই মাস্ক খনে কৰ’না সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত কিমান লাভজনক হ’ব সেই সন্দৰ্ভতহে তেওঁ নিশ্চিত নহয় । উল্লেখ্য যে, এই সোণৰ মাস্কখনকলৈ ছ’চিয়েল মিডিয়াত বহু চৰ্চিত হৈছে।

Exit mobile version