গোলাঘাটত ক’ভিডৰ আতংক

coronavirus 4833754 1920

গোলাঘাটৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰো কাষ পালেগৈ মাৰাত্মক ক’ভিড-১৯ । প্ৰতিদিনেই গোলাঘাটত ন-ন লোকৰ দেহত ভয়ংকৰ বীজাণু ধৰা পৰাত আতংজনক পৰিৱেশৰ সৃষ্টি হৈছে । ক’ভিড বীজাণুৰ পৰা ৰাইজক পৰিত্ৰাণ দিয়াৰ উদ্দেশ্যে জিলা প্ৰশাসনে আনকি গোলাঘাট জিলা উপায়ুক্তৰ কাৰ্যালয় বন্ধ ঘোষণা কৰাৰ লগতে গোলাঘাট আৰু দেৰগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, গোলাঘাট উকীল সন্থাৰ কাৰ্যালয়, জিলা প্ৰাথমিক শিক্ষা বিষয়া, বিদ্যালয় উপ-পৰিদৰ্শকৰ কাৰ্যালয়ৰ আৰু গোলাঘাট নগৰৰ কৰ্ট ৰোডৰ আশে-পাশে থকা দোকান-পোহাৰ সমূহ বন্ধ ৰখাৰ নিৰ্দেশ দিয়া জাৰি কৰিছে ।

সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে জিলা উপায়ুক্ত কাৰ্যালয়, গোলাঘাট আৰু দেৰগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় বন্ধ ৰখাৰ দিয়া এই নিৰ্দেশ দিয়া হৈছে যদিও উপায়ুক্ত কাৰ্যালয়ৰ দণ্ডাধীশ বিভাগ, নজৰৎ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ জৰুৰী দপ্তৰ কেইটা খোলা থাকিব । উল্লেখ্য যে, গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা ৫০ মিটাৰ ব্যাসাৰ্দ্ধ এলেকা ইতিমধ্যে কনটেইনমেণ্ট জ’ন ৰূপে ঘোষণা কৰাৰ সময়তে শেহতীয়াভাৱে চিনাক্ত হোৱা ২০ জন ক’ভিড ৰোগীৰ ভিতৰত একাংশ এই অঞ্চলটোৰ সংস্পৰ্শত থকাৰ তথ্য প্ৰশাসনে লাভ কৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । যাৰ বাবে এনে প্ৰতিৰোধমূলক ব্যৱস্থা প্ৰশাসনে গ্ৰহণ কৰা বুলি ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া তথা দণ্ডাধীশ পাপু গগৈয়ে বিবৃতিযোগে জানিবলৈ দিছে ।

Exit mobile version