পাণ্ডুত ভয়ংকৰভাৱে বৃদ্ধি পাইছে কৰ’না আক্ৰান্তকাৰীৰ সংখ্যা

3coronavirus 82

মহানগৰীৰ পাণ্ডুত ভয়ংকৰ ভাৱে বৃদ্ধি পাইছে কৰ’না আক্ৰান্তকাৰীৰ সংখ্যা । একপ্ৰকাৰ পাণ্ডু হৈছে কৰ’নাৰ গণসংক্ৰমণ। উল্লেখ্য যে এদিনতে পাণ্ডুত আক্ৰান্ত হয় অৰ্ধশতাধিকতকৈ অধিক লোক। মঙলবাৰৰ দিনটোতেই পাণ্ডুত কৰ’নাত আক্ৰান্ত হৈছে ৫৪ জনকৈ লোক। যাৰ বাবে আৰক্ষীয়ে মাইকযোগে ৰাইজক ঘৰৰ বাহিৰলৈ নোলাবলৈ আহ্বান জনাইছে । আৰক্ষীৰ পৰা জানিব পৰা মতে অতি ঘন জনবসতিপূৰ্ণ এলেকাটোত বহু সন্দেহজনক ব্যৱসায়ীয়ে ব্যৱসায় কৰি আহিছে দীৰ্ঘদিন ধৰি।যাৰ ফলত অঞ্চলটোত দ্ৰুতগতিত বিয়পিছে মহামাৰী কৰ’না । সন্দেহজনক ব্যৱসায়ীৰ পৰাও কোনো সামগ্ৰী নল’বলৈ ৰাইজক মাইকযোগে আহ্বান জনালে আৰক্ষী প্ৰশাসনে ।

Exit mobile version