সদাব্যস্ত হাজো-গুৱাহাটী ৰাজ্যিক মূল পথছোৱাৰ জৰাজীৰ্ণ অৱস্থাত জীয়াতু ভুগিবলগীয়া হৈছে সর্বসাধাৰণ ৰাইজৰ লগতে উক্ত পথেৰে দৈনিক অহা-যোৱা কৰা পথচাৰীয়ে। উক্ত পথছোৱাৰ বিশেষকৈ হাজোৰ চেঁচামুখ দলংঘাটৰ পৰা হাজো পাখামেলা চ’কলৈ প্রায় পাঁচ কিলোমিটাৰ এই ঘাই পথটোৰ প্ৰায় স্থানতে সৃষ্টি হৈছে প্রকাণ্ড পুখুৰী সদৃশ গাঁত।
এজাক বৰষুণ দিলে ঘাই পথটোৰ উক্ত স্থানসমূহ পানীৰে উপচি পৰে আৰু যাতায়াত বিঘ্নিত হৈ পৰে। বিশেষকৈ কুলহাটীৰ ছাত্ৰশালীৰ শ্রীশ্রী হনুমান মন্দিৰৰ সন্মুখৰ পৰা দমদমা চ’কলৈ, অভয়পুৰ, হাজো, থানা, মেডিকেল, হাজো লোকনির্মাণ উপ-সংমণ্ডল বিষয়াৰ কার্যালয়, খণ্ড উন্নয়ন বিষয়াৰ কার্যালয় আৰু হাজো খণ্ড প্রাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়লৈ যোৱা পথৰ সন্মুখ ভাগত একাঁঠু পর্যন্ত পানী জমা হোৱাৰ ফলত অফিচ-কাছাৰীলৈ যোৱা লোকসকলে হাতত জোতা-ছেণ্ডেললৈহে পাৰ হ’ব লগা হয়।
তদুপৰি হাজো নতুন বজাৰ, পানীপাৰা মা মনসা মন্দিৰৰ সম্মুখ ভাগত প্রকাণ্ড গাঁতৰ সৃষ্টি হোৱাত যাতায়াতৰ ক্ষেত্ৰত ভীষণ অসুবিধাৰ সৃষ্টি হৈছে। ইতিপূর্বে উক্ত পথৰ জৰাজীৰ্ণ অৱস্থাক লৈ হাজো আছুকে ধৰি স্থানীয় ৰাইজে দীর্ঘদিন ধৰি বিভাগীয় কর্তৃপক্ষক ঘাই পথছোৱাৰ পুনঃনির্মাণ অথবা মেৰামতিৰ বাবে দাবী জনাই আহিছে যদিও কোনো ফলপ্রসূ ব্যৱস্থা আজিলৈকে লোৱা হোৱা নাই।
কেতিয়াবা দুই-এক গাড়ী স্টোনডাছ দিয়ে যদিও সেয়া এজাক বৰষুণতে উটি পুনৰ গাঁতৰ সৃষ্টি হয়। যাৰ ফলশ্ৰুতিত পথছোৱাৰে যাতায়াতৰ অনুপযোগী হোৱাৰ লগতে প্রতিদিনে সংঘটিত হৈ আহিছে পথ দুর্ঘটনা আৰু পথছোৱাৰ উক্ত স্থানসমূহত সৃষ্টি হৈ আহিছে ভীষণ যানজটৰ।
এই ক্ষেত্রত বিভিন্ন সময়ত লোকনির্মাণ বিভাগৰ বিৰুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত কৰি আহিছে যদিও বিভাগীয় কর্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজ ক্ষুব্ধ হৈ পৰা পৰিলক্ষিত হৈছে। এই ক্ষেত্রত বিভাগীয় কর্তৃপক্ষক ঘাই পথছোৱা শীঘ্ৰে যাতায়াতৰ উপযোগী কৰি গঢ়ি তোলাৰ লগতে পথছোৱাৰ দুয়োকাষে বিজ্ঞানসন্মতভাৱে নলা নিৰ্মাণৰ দাবী জনাইছে।
আনহাতে, হাজো-শুৱালকুছি বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক প্রকাশ দাসে শপত গ্ৰহণৰ পাছতে হাজোৰ পথ, পৰ্যটন ক্ষেত্ৰৰ যাৱতীয় উন্নয়ন সাধন কৰিব বুলিও উল্লেখ কৰিছে।





























