১০-১২ টা সামাজিক সংক্ৰমণ হ’লেই তলাবন্ধ হ’ব জিলাত

123597 coronavirus 2

কৰ’নাত গুৰুতৰভাৱে অসুস্থ লোকৰ চিকিৎসাত প্লাজমা থেৰাপি যথেষ্ট ফলদায়ক। ইয়াৰ পৰিপ্ৰেক্ষিতত অসমতো শুক্ৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত এই চিকিৎসা পদ্ধতিৰ বাবে প্লাজমা বেংক স্থাপন কৰা হয়। স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই বেংক উদ্বোধন কৰে। ইয়াত প্ৰথমে ৰক্তদান কৰে কৰ’নাত আক্ৰান্ত হৈ সুস্থ হোৱা চিকিৎসালয়ৰ চিকিৎসক ডাঃ লিথিকেশে। উল্লেখ্য যে এই ব্যৱস্থাত কৰ’নাত আক্ৰান্ত হৈ সুস্থ হোৱা লোকৰ পৰা তেজ সংগ্ৰহ কৰি তাৰ পৰা প্লাজমা পৃথক কৰা হয়। সেই প্লাজমাৰেই গুৰুতৰভাৱে অসুস্থ ৰোগীক বিশেষ ব্যৱস্থাৰে চিকিৎসা কৰা হয়।

উল্লেখ্য যে অসমত কৰ’না আক্ৰান্তৰ মাজত বয়সস্থ আৰু বিভিন্ন গুৰুতৰ ৰোগত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হৈছে। তেনে লোকৰ চিকিৎসাৰ প্ৰতি লক্ষ্য ৰাখি প্লাজমা বেংক স্থাপন কৰা হৈছে। ইপিনে, শুক্ৰবাৰে ৰাজ্যত নতুনকৈ ৩৬৫ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হয় বুলি স্বাস্থ্যমন্ত্ৰী জনে প্ৰকাশ কৰে। ইয়াৰে ১৩৪ জন গুৱাহাটী মহানগৰীৰ। এইসকলক লৈ ৰাজ্যত আক্ৰান্ত লোকৰ সংখ্যা ৯,৭৯৯ জনলৈ বৃদ্ধি পায়। আক্ৰান্তৰ সমান্তৰালকৈ সুস্থ হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে। ৰাজ্যত মুঠ ৯,৭৯৯ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে সুস্থ হোৱা লোকৰ সংখ্যা আজি ৬,৩২৭ জনলৈ বৃদ্ধি পায়।

অন্যহাতে, গুৱাহাটীত কৰ’নাৰ গণ সংক্ৰমণ হোৱাৰ পৰিপ্ৰেক্ষিতত মহানগৰীখনত সম্প্ৰতি ১৪ দিনীয়া তলাবন্ধ অব্যাহত আছে। যিকোনো মুহূৰ্তত তলাবন্ধ ৰাজ্যৰ নিৰ্বাচিত জিলালৈ সম্প্ৰচাৰিত হ’ব পাৰে। তাৰেই ইংগিত দিয়ে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, এই সন্দৰ্ভত উপায়ুক্তসকলক প্ৰয়োজনীয় নীতি নিৰ্দেশনা দিয়া হৈছে আৰু সেই অনুসৰি যিখন জিলাতে ১০ ৰ ১২ টা পর্যন্ত গণসংক্ৰমণৰ তথ্য পোহৰলৈ আহে তাতেই উপায়ুক্তই তলাবন্ধ ঘোষণা কৰিব পাৰিব।

Exit mobile version