প্ৰথমতে মেনেজাৰ দিশা ,ইয়াৰ পিছত আত্মহত্যা সুশান্ত সিং ৰাজপুতৰ

bollywood

কিছু বছৰৰ পূৰ্বে বলীউডৰ অভিনেত্ৰী জিয়া খানে আত্মহত্যা কৰোতে বিতৰ্কৰ আওতাত সোমাই পৰিছিল সুৰয পাঞ্চালী। এইবাৰ পুনৰ সুশান্তৰ মেনেজাৰ দিশা চালিয়নৰ আত্মহত্যাৰ পিছত নাম সাঙুৰ খাই পৰিছে সুৰয পাঞ্চালীৰ নাম ৷কাৰণ সুৰয পাঞ্চালী আৰু দিশাৰ প্ৰেমৰ সম্পৰ্কৰ কথা ইতিমধ্যে পোহৰলৈ আহিছে ৷

আনহাতে আত্মহত্যা কৰা সময়ত দিশা আছিল অন্তঃসত্তা ৷ দিশা আৰু সুৰযৰ সন্দৰ্ভত সকলো জানিছিল সুশান্তে ৷আৰু দিশা আৰু সুৰযৰ মাজত সকলো সম্পৰ্ক ঠিক কৰাৰ কাৰণে চেষ্টা কৰিছিল সুশান্তে ৷ আৰু দুয়োজনৰ মাজত বাক বিতণ্ডাও হৈছিল। শেহতীয়াকৈ অহা এক তথ্য অনুসৰি সুৰয আৰু চলমান খানৰ আণ্ডাৰৱল্ডৰ এক বিশেষ টীমে মিলি সুশান্ত সিং ৰাজপুতক হত্যা কৰে ।আৰু এই হত্যাটোক আত্মহত্যা ৰং দিয়ে তেওঁলোকে ৷

ইপিনে সুৰয পাঞ্চালীৰ বিষয়ে এই সমগ্ৰ বিতৰ্ক চলি থকা সময়তে অভিনেতা জনে কয়”সুশান্তৰ লগত মোৰ কেতিয়া মাৰ পিট লাগিছিল সেয়া মই নাজানো ।লগতে মোৰ জীৱনত চলমান খানক কিয় সাঙুৰি লৈছে। লগতে মই দিশাক চিনিয়ে নাপাও।মই মোৰ জীৱনত দিশাৰ লগত কেতিয়াও সাক্ষাৎ হোৱাই নাই৷” আনহাতে এই বিবাদৰ পিছত সুৰযৰ পিতৃ তথা বলীউডৰ অভিনেতা সুৰয পাঞ্চালীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় “মোৰ ল’ৰাক এই সমগ্ৰ বিষয়টোৰ মাজলৈ কিয় অনা হৈছে। সত্য কি সেয়া পোহৰলৈ আহিব ।কিন্তু কাইলৈ যদি সি ভুলপদক্ষেপ লয় তেন্তে তাৰ দায়িত্ব কোনে ল’ব ? প্ৰত্যকবাৰেই মোৰ পুত্ৰক কিয় দোষী কৰা হয় ৷ মই কেতিয়ালৈকে সহ্য কৰি থাকিম।”

আনহাতে সুৰয পাঞ্চালীয়ে সুশান্তৰ প্ৰসংগ উত্থাপন কৰি কয় “আমাৰ মাজত কেতিয়াও শত্ৰুতা নাছিল ।তেওঁ আছিল মোৰ চিনিয়ৰ অভিনেতা। জনপ্ৰিয়তা আৰু সাফল্যৰ শিখৰত আছিল সুশান্ত ৷ মোক সৰু ভাইটীৰ দৰে ব্যৱহাৰ কৰিছিল সুশান্তে ৷যেতিয়াই আমি লগ হওঁ তেতিয়াই আমি ছবিৰ কথা পাতো বা মোৰ ফিটনেছৰ কথাই পাতো। তিনিবছৰৰ পূৰ্বে আমাৰ মাজত মাৰ পিট হোৱাৰ খবৰ সংবাদমাধ্যমত প্ৰকাশ হৈছিল তেতিয়া সুশান্তে মোক কৈছিল সুৰয এটা বহু ফাল্টু খবৰ ওলাইছে ।তুমি ইয়াৰ বিষয়ে বিতঙকৈ জনাবা নেকি? কাৰণ বাতৰিটো অনুসৰি সুশান্তে মোৰ লগত অপব্যৱহাৰ কৰিছিল ।কিন্তু প্ৰকৃততে তেনে ধৰণৰ কোনো ঘটনা সংঘটিত হোৱা নাছিল। এই স্পষ্টীকৰণ পিছত সুৰযৰ প্ৰতি সমালোচকসকলৰ কি প্ৰতিক্ৰিয়া হ’ব সেয়া সময়েহে ক’ব।

Exit mobile version