অৱশেষত মুম্বাইৰ আৰক্ষী থানাত সঞ্জয় লীলা ভাঞ্চালী

sanjay bhansali

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ প্ৰসংগত সোমবাৰে মুম্বাইৰ আৰক্ষীয়ে বলীউডৰ জনপ্ৰিয় ছবি নিৰ্মাতা সঞ্জয় লীলা ভাঞ্চালীক প্ৰায় ৩ ঘন্টা জেৰা কৰে ৷ বিগত সপ্তাহত আৰক্ষীয়ে ভাঞ্চালী আৰু শেখৰ কাপুৰক সোধ পোচৰ কাৰণে চমন জাৰি কৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিততে আজি মুম্বাইৰ আৰক্ষী থানাত উপস্থিত হয়গৈ ভাঞ্চালী ।

সুশান্ত সিং ৰাজপুতৰ সন্দৰ্ভত বিহাৰত গোচৰ দিয়া সকলৰ ভিতৰত সঞ্জয় লীলা ভাঞ্চালীও অন্যতম ৷ এক বিশেষ সূত্ৰৰ মত অনুসৰি ভাঞ্চালীয়ে প্ৰথমতে সুশান্তক ৰামলীলাৰ কাৰণে চুক্তিবদ্ধ কৰিছিল ৷ যদিও পিছত ৰনবীৰ সিঙক লয় ৰামলীলাত। আনহাতে বাজীৰাও মস্তানীতো প্ৰথমতে সুশান্তক চুক্তি বদ্ধ কৰিছিল যদিও পিছত ৰনবীৰ সিঙক লয়৷উল্লেখযোগ্য যে মুম্বাই আৰক্ষীয়ে এই দুয়োখন ছবিৰ সন্দৰ্ভতে সঞ্জয় লীলা ভাঞ্চালীক সোধপোচ কৰিছে ৷

Exit mobile version