গণেশগুৰিত পুৱাৰ ভাগত মহানগৰ আৰক্ষীৰ হাতত জব্দ বহুকেইখন স্কুটি, বাইক

29 03 20 Guwahati lockdown People come out with child 5

গণেশগুৰিৰ উৰণীয়া সেতুৰ তলত অভিযান চলাইছে আৰক্ষীয়ে । যধেমধে ব্যক্তিগত বাহন লৈ ওলাই অহাৰ ফলত বহু কেইখন স্কুটি আৰু বাইক আৰক্ষীয়ে জব্দ কৰে । আৰক্ষীয়ে জানিবলৈ দিয়া মতে আজি তলাবন্ধ কিছু শিথিল কৰা হৈছিল যদিও তলাবন্ধ চলি আছে । খাদ্যসামগ্ৰী ক্ৰয় কৰিব পাৰিব কিন্তু কোনো ব্যক্তিয়ে বাহন লৈ আহিব নোৱাৰিব বুলি আৰক্ষীয়ে স্পষ্ট কৰি দিয়ে ।ইফালে মালিগাওতো আৰক্ষীয়ে বহু কেইখন বাহন জব্দ কৰে ।

আনহাতে পদপথত কোনো ব্যক্তিয়ে শাক-পাচলি বিক্ৰী কৰাত প্ৰশাসনে নিষেধাজ্ঞা জাৰি কৰাৰ পিছতো পাণ্ডু -মালিগাওত মুকলিকৈ খাদ্যসামগ্ৰী বিক্ৰী কৰা পৰিলক্ষিত হৈছে । অতিমাৰী ৰূপে পৰিগণিত হোৱা ক’ৰনাই পাণ্ডু অঞ্চলত ভয়ংকৰ গণসংক্ৰমণ ঘটোৱাৰ পিছত গা লৰা নাই অঞ্চলবাসীৰ । যাৰ বাবে চৰকাৰী নীতি নিৰ্দেশনাক উলংঘন কৰি যধে মধে লোক ওলাই আহিছে । নাই কোনো শাৰীৰিক ব্যৱধান,হাতত নাই গ্লভছ, মুখত বহুতৰে নাই মাস্ক । যাৰ ফলত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককো পাণ্ডুৰ একাংশই বিক্ৰেতাই দুৰ্ব্যবহাৰ কৰা দেখা গৈছে।

Exit mobile version