মঙলদৈত ক’ভিডৰ গণসংক্ৰমণৰ আশংকা

WhatsApp Image 2020 07 06 at 3.04.04 PM

মঙলদৈত ক’ভিড-১৯ ৰ গণসংক্ৰমণৰ আশংকা কৰা হৈছে | চাৰিগৰাকী চিকিৎসক, দুগৰাকী নাৰ্চ, এগৰাকী স্বাস্থ্যকৰ্মী সহ বহু সংখ্যক লোকসহ ডাঃ জিতেন চহৰীয়াৰ ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ পিছত আজি পুনৰ মঙলদৈ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক তিনি গৰাকীৰ দেহত ধৰা পৰিছে ক’ভিড-১৯ । ডাঃ যদুমণি কটকী, ডাঃ হৰজ্যোতি ডেকা আৰু ডাঃ বিনোদ কলিতাৰ দেহত ধৰা পৰিছে ক’ভিড-১৯ অৱস্থিতি ।

ডাঃ যদুমনি কটকী মঙলদৈ অসামৰিক চিকিৎসালৰ শিশু বিভাগৰ চিকিৎসক হোৱাৰ লগতে ডাঃ হৰজ্যোতি ডেকা আৰু ডাঃ বিনোদ কলিতা প্রসূতি বিভাগৰ চিকিৎসক । জিলা স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনে ইতিমধ্যে মঙলদৈ অসামৰিক চিকিৎসালয় বন্ধ কৰি দিবলৈ বাধ্য হল । কিয়নো প্রতিদিনে বহু প্রসূতি, নৱজাতকৰ সংস্পৰ্শলৈ আহিছিল চিকিৎসক কেইগৰাকী । অবশ্যে চিকিৎসালয়ৰ বহিঃ বিভাগ স্হানান্তৰ কৰা হ’ল নগৰীয়া চিকিৎসালয়লৈ ।

Exit mobile version