মাছ মাৰিবলৈ গৈ বকোত দুজনৰ মৃত্যু

WhatsApp Image 2020 07 06 at 10.56.09 PM

ৰাজ্যত কৰ’নাই ছানি ধৰাৰ সময়তে আজি বিয়লি কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত তিনিঘৰীয়াত সংঘটিত হয় শোকাবহ ঘটনা । মাছ মাৰিবলৈ লৈ দ-খাৱৈত পৰি দুজন যুৱকৰ কৰুণভাবে মৃত্যু হয় । মাছ মাৰিবলৈ যাওঁতে সংঘটিত হয় এই অঘটন। নিহত যুৱকদ্বয় হৈছে তিনিঘৰীয়াৰ ভদ্ৰেশ্বৰ দাসৰ পুত্ৰ নৱ দাস (২২) আৰু লাচিত দাসৰ তপন দাস (১৪)। অসাৱধানতাৰ বাবে দ-খাৱৈত জাল মাৰি থকা অৱস্থাত পানীত পৰি যায় ।

জানিব পৰা মতে, তপন দ পানীত পৰি যোৱাৰ পাচতে তপনক বচাবলৈ দ-খাৱৈত জাপ দিয়ে নৱ দাসে । অৱশেষত স্থানীয় লোকে পানীৰ পৰা উদ্ধাৰ কৰে দুয়োৰে মৃতদেহ। ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হৈ দুয়োৰে নশ্বৰ দেহ বকো আৰক্ষী থানাৰ মৰ্গলৈ আনে। কাইলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে নশ্বৰদেহ জিএমচিএইচলৈ প্ৰেৰণ কৰা হ’ব।

Exit mobile version