অতিমাৰী কৰ’নাই গণসংক্ৰমণ ঘটাইছে গুৱাহাটীত

123597 coronavirus 2

অতিমাৰী কৰ’নাই গণসংক্ৰমণ ঘটাইছে গুৱাহাটীত । এদিনতে গুৱাহাটীত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা ৫৯৮ গৰাকী । উল্লেখ্য যে চানমাৰিৰ অগ্নিনিৰ্বাপক বাহিনীৰ মুখ্যকাৰ্যালয়ত ১৬ গৰাকীকৈ জোৱান কৰ’নাত আক্ৰান্ত হয় । ইফালে জু ৰো’ড তিনিআলিৰ সমীপৰ ৬২৮ নং ৰেলৱে আবাসত এগৰাকী ৰেলৱে কৰ্মী কৰ’নাত আজি আক্ৰান্ত হয়। ইফালে কৰ’নাত আক্ৰান্ত হৈ মালিগাঁৱৰ মীনা ভৰালী নামৰ এগৰাকী মহিলাৰ আজি মৃত্যু হয়।আনহাতে কৰ’নাৰ হটস্পট ৰূপে চিহ্নিত মালিগাঁও -পাণ্ডু অঞ্চলত ঘৰে ঘৰে স্বাস্থ্য কৰ্মীয়ে কৰ’নাৰ পৰীক্ষাৰ অভিযান চলায়। পাণ্ডুৰ বহু আবাসীয়ে এই অভিযানত সহযোগিতা নাই কৰা বুলিও আজি একাংশ স্বাস্থ্য কৰ্মীয়ে সংবাদ মাধ্যমক অবগত কৰে।

ইফালে কৰ’নাৰ আন এক হটস্পট ফাচী বজাৰত ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ূস হাজৰিকাই এক অভিযান চলাই। যিসকল ব্যৱসায়ীয়ে নিয়ম উলংঘা কৰে , সেইসকলক কঠোৰ সকীয়নি দিয়ে মন্ত্ৰী গৰাকীয়ে । মন্ত্ৰী পীয়ূস হাজৰিকাই গনেশগুৰি বজাৰো পৰিদৰ্শন কৰে । একেদৰে যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীও ফাঁচী বজাৰৰ পায়কাৰী, খুচুৰা ব্যৱসায়ীসকলৰ খাদ্য সামগ্ৰী পৰিদৰ্শন কৰাৰ লগতে নিয়ম উলংঘা কৰা ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা সকীয়নি দিয়ে । মুঠৰ ওপৰত অতিমাৰী কৰ’নাই চৌদিশে সন্ত্ৰাস নমাইছে মহানগৰীত।

Exit mobile version