তিনিচুকীয়াৰ মাকুম টিংৰাই নৈত অঘটন

Screenshot 20200707 193112

ৰাজ্যত আপদীয়া বানে তাণ্ডৱ সৃষ্টি কৰাৰ সময়তে উটুৱাই নিলে বহু বাঁহ-কাঠৰ লগতে পকী দলং, ফলত এতিয়া জনতাই নাও-কলৰ ভোৰেৰে বিপদ সংকুল যাত্ৰাৰে অতিক্ৰম কৰিব লগা হৈছে নদ-নদীসমূহ ৷ ঠিক একেদৰেই তিনিচুকীয়া সমষ্টিৰ অন্তৰ্গত মাকুমৰ টিংৰাই নৈৰ ওপৰত থকা এখন বাহৰ দলং বানে উটুৱাই নিয়াৰ ফলত খেৰবাৰীলৈ বিপদসংকুলভাৱে স্থানীয় লোকে নিৰ্মাণ কৰি লোৱা কলৰ ভোৰেৰে অহা-যোৱা কৰিছিল ৷ আজি দিনৰ ভাগত উক্ত স্থানতে সংঘটিত হয় এক অঘটন ৷ কলৰ ভোৰে খেৰবাৰীলৈ টিংৰাই নৈ পাৰ হোৱা অৱস্থাত এগৰাকী অভিযন্তাসহ স্থানীয় যুৱক পানীত ডুবে ৷ প্ৰাপ্ত তথ্য অনুসৰি পল্লবী ভৰালী নামৰ ইটাখুলি ব্লকৰ অভিযন্তাগৰাকীয়ে মাকুম বালিজানৰ অনন্ত মৰাণ নামৰ ঠিকাদাৰজন স’তে খেৰবাৰীত নিৰ্মীয়মাণ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ চাবলৈ গৈছিল আৰু তেনে সময়তে কলৰ ভোৰত টিংৰাই নৈখন পাৰ হওতে অঘটনতো সংঘটিত হয় ৷ অঘটনতো সংঘটিত হোৱাৰ সময়তে স্থানীয় লোকে অভিযন্তাগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও অনন্ত মৰাণক উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল ৷

অভিযন্তাগৰাকীক স্থানীয় লোকে উদ্ধাৰ কৰাৰ পাছতে কিছু আঘাতপ্ৰাপ্ত হোৱা হেতুকে উন্নত চিকিৎসাৰ কাৰণে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে আৰু উক্ত স্থানত ভাৰতীয় নৌ পৰিবহণ বিভাগৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান চলাইছে যদিও বাতৰি প্ৰেৰণ কৰাৰ সময়লৈকে লোকজন উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ ইফালে ঘটনাটো সংঘটিত হোৱাৰ পাছতে উক্ত স্থানত শ্ৰম আৰু চাহ জনজাতি কল্যাণ দপ্তৰৰ মন্ত্ৰী তথা তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষানে উপস্থিত হৈ সমগ্ৰ দিশসমূহ বুজ লয় আৰু আঘাতপ্ৰাপ্ত অভিযন্তাগৰাকীৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰে লগতে উক্ত স্থানত কলৰ ভোৰৰ ঠাইত নিজাববীয়াকৈ তৎকালীনভাৱে এখন নাওৰ ব্যৱস্থা কৰে আৰু কয় যে, “উক্ত স্থানত যিহেতু এখন পকী দলংৰ কাৰণে অইলৰ তৰফৰ পৰা ধন আবণ্টন হৈছে, কিন্তু দুৰ্ভাগ্যবশতঃ অভাৱনীয়ভাৱে হোৱা বানৰ কাৰণে দলঙৰ কাম আৰম্ভ কৰিব পৰা নাই ৷ নৈত পানী কম হোৱাৰ লগে লগে অতি ক্ষিপ্ৰতাৰে দলঙৰ কাম আৰম্ভ হ’ব আৰু ৰাইজৰ এক দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান হ’ব ৷”

Exit mobile version