বান্দ্ৰা আৰক্ষী থানাত সঞ্জয় লীলা ভাঞ্চালী

sanjay bhansali

অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ প্ৰসংগত মুম্বাইৰ আৰক্ষীয়ে ছবি নিৰ্মাতা সঞ্জয় লীলা ভাঞ্চালীক সোমবাৰে প্ৰায় ৩ ঘন্টা সোধপোচ কৰে ৷ আৰক্ষীয়ে ভাঞ্চালীক সুশান্তৰ লগত থকা সম্পৰ্কৰ বিষয়েও প্ৰশ্ন কৰে আৰু ভাঞ্চালীৰ ছবিসমূহ সুশান্তৰ হাতৰ পৰা লৈ যোৱা প্ৰসংগৰ সন্দৰ্ভতো প্ৰশ্ন কৰে ৷ এক বিশেষ সূত্ৰৰ মত অনুসৰি আৰক্ষীয়ে সঞ্জয়ক ৩০ টাতকৈ অধিক প্ৰশ্ন কৰে ৷ আৰক্ষীয়ে ভাঞ্চালীক প্ৰশ্ন কৰে যে ৰামলীলা আৰু বাজীৰাও মস্তানীৰ দৰে ছবিৰ পৰা সুশান্তক আঁতৰোৱাৰ কাৰণে হতাশাত ভূগিছিল অভিনেতাজন ৷ এই সন্দৰ্ভত আপোনাৰ লগত সুশান্তৰ কি কথা বতৰা হৈছিল ৷ তেতিয়া ভাঞ্চালীয়ে কয় যে ভাঞ্চালীয়ে সুশান্তক কোনো ছবিৰ পৰা আঁতৰোৱা নাছিল। লগতে কোনো ছবিৰ পৰা ৰিপ্লেছ কৰা নাছিল ।

ভাঞ্চালীয়ে কয় যে ২০১২ চনত সুশান্তক”সৰস্বতীচন্দ”নামৰ এখন চিৰিয়েলৰ কাষ্টিঙত লগ পাইছিলো ৷ কিন্তু সুশান্তক এই ছিৰিয়েলখনৰ কাৰণে কাষ্ট কৰিব পৰা নগ’ল ৷ কিন্তু সুশান্তৰ অভিনয় প্ৰতিভা মই পাহৰিব পৰা নাছিলো । ভাঞ্চালীয়ে কয় যে মই সুশান্তক সিং ৰাজপুতক বাজীৰাও মস্তানী আৰু ৰামলীলাত অভিনয় কৰোৱালৈ চেষ্টা কৰিছিলো যদিও সেইসময়ত সুশান্ত যশৰাজ ফিল্ম পানী”ৰ ৱৰ্কশ্বপত ব্যস্ত আছিল ৷ এজন পৰিচালক হিচাপে মই সুশান্তৰ সমস্ত দায়িত্ব,সময় এই ছবিখনত বিচাৰিছিলো। কিন্তু কৰ্মব্যস্ততাৰ কাৰণে মোৰ প্ৰস্তাৱ নাকচ কৰে সুশান্তে ৷ পিছত মই সুশান্তৰ লগত যোগাযোগ কৰা নাই। সুশান্তক মই বাকী অভিনেতাসকলৰ দৰেই জানছিলো ৷ তেওঁৰ মোৰ ঘনিষ্ঠও নাছিল । সুশান্ত যে ডিপ্ৰেছন আছিল সেয়া মই জনা নাছিলো ৷ এই মন্তব্য ভাঞ্চালীৰ ৷ সুশান্তৰ লগত থকা সম্পৰ্কৰ বিষয়ে ভাঞ্চালীয়ে কয় যে ২০১৬ ৰ পিছত সুশান্ত সিং ৰাজপুতক মই তিনিবাৰ লগ পাইছো ৷ উল্লেখযোগ্য যে ১৪ জুনত মুম্বাইৰ বান্দ্ৰাস্থিত বাসগৃহত আত্মহত্যা কৰে সুশান্ত সিং ৰাজপুতে ৷ এই সন্দৰ্ভত এতিয়ালৈকে আৰক্ষীয়ে প্ৰায় ৩০ জনৰো লোকক আৰক্ষীয়ে জেৰা কৰিছে।

Exit mobile version