কভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু ওদালগুৰিৰ প্ৰথমগৰাকী লোক

udalguri

কভিড-১৯ত আক্ৰান্ত হৈ মৃত্যুক সাৱতিলে ওদালগুৰি জিলাৰ প্ৰথমগৰাকী লোক। ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত ২ নম্বৰ নাহৰবাৰী গাওঁৰ জিতেন্দ্ৰ প্ৰসাদ(৩০) নামৰ লোকজনৰ আজি পুৱা প্ৰায় ৫-৩০ বজাত মৃত্যু ঘটে। প্ৰাপ্ত খবৰ অনুসৰি বিগত কিছুদিন ধৰি অসুস্থ হৈ থকা লোকজনে নিজাকৈ ঔষধ সেৱন কৰি আছিল। কিন্তু মঙলবাৰে লোকজনৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেখেতক তেজপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰায়। কিন্তু চিকিৎসালয়খনে লোকজনৰ ক’ভিড-১৯ পৰীক্ষাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে । কিন্তু চিকিৎসা মহাবিদ্যালয়খনত কৰা লোকজনৰ স্বাৱ পৰীক্ষাত তেওঁৰ শৰীৰত ক’ভিড-১৯ ভাইৰাছৰ অৱস্থিতি ধৰা পৰে।

ইফালে লোকজনৰ স্বাস্থ্য ক্ৰমে অধিক অৱনতি ঘটাত তেখেতক মঙলবাৰে সন্ধিয়া প্ৰায় ৭ বজাত চিকিৎসা মহাবিদ্যালয়খনৰ ক’ভিড-১৯ ৱাৰ্ডৰ আই‌চিইউত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয়। কিন্তু দুৰ্ভাগ্যজনকভাৱে আজি পুৱা প্ৰায় ৫-৩০ বজাত চিকিৎসা মহাবিদ্যালয়খনত লোকজনৰ মৃত্যু ঘটে। ইয়াৰ পাছত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজৰ টুইটাৰত প্ৰকাশ কৰি জিতেন্দ্ৰ প্ৰসাদ নামৰ লোকজন চেপ্তিছেমিয়াত আক্ৰান্ত হৈ থকাৰ কথা অৱগত কৰে। ইফালে মৃত জিতেন্দ্ৰ প্ৰসাদে নিজাবৱীয়াকৈ চিকিৎসা গ্ৰহণ কৰি অহা মাজবাটৰ এখন ফাৰ্মাচীক কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰে স্বাস্থ্য বিভাগে।

সমান্তৰালভাৱে নাহৰবাৰী গাওঁৰো এটা অংশ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে প্ৰশাসনে। লোকজনৰ কোনো ধৰণৰ ভ্ৰমণ বৃত্তান্ত নোহোৱালৈ লক্ষ কৰি সংক্ৰমণৰ উৎসক লৈ আতংকিত হৈ পৰিছে মাজবাটবাসী। ইয়াৰ পাছত আজি বিয়লি লোকজনৰ মৃতদেহ ধনশ্ৰীঘাটস্থিত ক’ভিড-১৯ৰ আছুতীয়া শ্মসানত অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব বুলি প্ৰশাসনে জানিবলৈ দিছে।

Exit mobile version