কি হ’ব অ’লীৰ ভৱিষ্যত? মুখামুখী হ’ব বিচৰা নাই ষ্টেণ্ডিং কমিটিৰ

nepal oli

নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লীৰ শাসনৰ ভৱিষ্যত কি হ’ব? সম্প্ৰতি এই সন্দৰ্ভত উত্তেজনা অব্যাহত আছে ৷ ইয়াৰ মাজতে আজি পঞ্চম দিনৰ কাৰণেও কোনো সিদ্ধান্তত উপনীত হ’ব পৰা অ’লী আৰু পুস্প কমল ডাহাল প্ৰচণ্ড ৷ কাৰণ কোনোপধ্যেই প্ৰচণ্ডে নিজৰ স্থিতিৰ পৰা আঁতৰিব বিচৰা নাই । যাৰ কাৰণে আজি অনুষ্ঠিত হ’ব লগা ষ্টেণ্ডিং কমিটীৰ মিটিঙখনো অ’লী আৰু প্ৰচণ্ডে কোনো সিদ্ধান্তত উপনীত হ’ব নোৱাৰাৰ কাৰণে বাতিল হ’ল শুক্ৰবাৰলৈকে । যদি দুয়োজন নেতাৰ মাজত মনোমালিন্য দূৰ হয় তেন্তে ষ্টেণ্ডিং কমিটীৰ মিটিঙখনো অনুষ্ঠিত হ’ব ৷ আনহাতে ষ্টেণ্ডিং কমিটীৰ ৪০ৰ ৩০ জনেই প্ৰধানমন্ত্ৰী অ’লীৰ পদত্যাগ বিচাৰিছে ৷ সেয়েহে অ’লী বৰ্তমান ষ্টেণ্ডিং কমিটীৰ মুখামুখী হ’ব বিচৰা নাই ।

ইপিনে অ’লী আৰু প্ৰচণ্ডৰ মাজত এতিয়ালৈকে চাৰিবাৰ আলোচনা হৈছে। কিন্তু এতিয়ালৈকে কোনো সিদ্ধান্তত উপনীত হ’ব পৰা নাই অ’লী ৷ উল্লেখযোগ্য যে যদিহে অ’লীয়ে পদত্যাগ কৰে তেন্তে দলটো বিছিন্ন হোৱাৰ আশংকা প্ৰকাশ কৰিছে বহু লোকে ৷ আনহাতে দলৰে বহু নেতায়ে অ’লীক লৈ ক্ষোভিত হৈ পৰিছে ৷ কাৰণ প্ৰধানমন্ত্ৰী অ’লী ক’ভিড-১৯ ক প্ৰতিৰোধ কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে ৷ দুৰ্নীতিৰ প্ৰসংগত সততে উত্থাপন হৈ থকা বিষয়বোৰতো তদন্ত কৰা নাই অ’লীয়ে ৷

ইয়াৰ বিপৰীতে ভাৰতক লৈ কৰা অভিযোগে শেহতীয়াকৈ তেওঁৰ নিজৰ দলতেই যথেষ্ট চৰ্চা লাভ কৰিছিল ৷ তেওঁৰ দলৰ নেতাসকলৰ অনুসৰি সীমান্ত বিবাদৰ সন্দৰ্ভত অ’লীয়ে ভাৰতৰ লগত আলোচনা নকৰে । ইফালে সচিবালয়, ষ্টেডিং কমিটী আৰু চেন্ট্ৰেল কমিটীত অ’লীৰ সমৰ্থন শূন্য ৷ দলৰ নিয়ম অনুসৰি যদি এই তিনিটা দিশতে দলৰ নেতা শক্তিশালী নহয় । তেন্তে তেওঁ পদত্যাগ কৰাই ভাল ৷

Exit mobile version