গালৱান সংঘৰ্ষত নিহত শতাধিক চীনা সৈন্য

mcms

ভাৰত চীনৰ সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ গালৱান উপত্যকাত যোৱা ১৫ জুনৰ ৰক্তাক্ত সংঘৰ্ষত ২০ জন ভাৰতীয় সেনা জোৱান শ্বহীদ হয় । এই সংঘৰ্ষত কিমানজন চীনা সৈনিকৰ মৃত্যু হ’ল সেই তথ্য বেইজিঙে সদৰী কৰা নাই । এই পৰিস্থিতিত চীনৰ এজন প্ৰাক্তন সেনা বিষয়াই দাবী কৰে যে ভাৰতীয় বাহিনীৰ আক্ৰমণত সেইদিনা শতাধিক চীনা সৈন্যৰ মৃত্যু হৈছিল ৷ চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙক বিপাঙত পেলাই চীনা বাহিনীৰ প্ৰাক্তন প্ৰাক্তন বিষয়া জিনলিং ইয়াঙে দাবী কৰে যে গালৱানত ভাৰতীয় সেনাবাহিনীৰ স’তে হোৱা সংঘৰ্ষত মৃত্যু হৈছিল এশৰ অধিক চীনা সৈনিকৰ ৷

অৱশ্যে এই কথা লুকুৱাই ৰাখিছে ৰাষ্ট্ৰপতি জিনপিঙে । তুমুল আলোড়নৰ সৃষ্টি কৰি ইয়াঙে কয় যে দলৰ ভিতৰত আৰু দেশত ক্ৰমশঃ জনপ্ৰিয়তা হেৰুৱাইছে জিনপিঙে ৷ এই পৰিস্থিতিত নিহত সৈনিকৰ সংখ্যা প্ৰকাশ কৰিলে দলত তেওঁৰ বিৰুদ্ধে বিদ্ৰোহ হ’ব পাৰে ৷ চীনা কমিউনিষ্ট পাৰ্টি বা চি চি পিৰ প্ৰাক্তন নেতাৰ পুত্ৰ ইয়াঙে মাৰ্কিন সংবাদ মাধ্যমক কয় যে সংঘৰ্ষত চীনৰ ক্ষতি হৈছে ৷ আভ্যন্তৰীণ ৰাজনীতি আৰু দলীয় মনোভাৱৰ কথা ভাবি নিহত সৈনিকৰ সংখ্যা গোপন কৰিছে জিনপিঙে। বেইজিঙে আজি পৰ্যন্ত ক্ষতিৰ সবিশেষ নজনোৱাত দেশৰ ভিতৰত ক্ষোভৰ সৃষ্টি হৈছে ৷ ছ’চিয়েল মিডিয়াত বেইজিঙক তীব্ৰ সমালোচনা কৰি চীনৰ একাংশই এইদৰে কয় “শ্বহীদ সৈনিকক কিদৰে সন্মান দিব লাগে সেইয়া ভাৰতলৈ চাই শিকা উচিত” ৷

Exit mobile version