গোলাঘাটত গণ সংক্ৰমণৰ আশংকা: পৌৰ এলেকাত তলাবন্ধৰ ঘোষণা প্ৰশাসনৰ

coronavirus4m utz5jt

গোলাঘাট জিলাত ক’ভিড১৯ৰ শেহতীয়া পৰিস্থিতিয়ে একপ্ৰকাৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে । সম্প্ৰতি গোলাঘাটত ক’ভিড১৯ত আক্ৰান্ত হোৱাসকলৰ ভিতৰত কিছুসংখ্যক লোকৰ কোনো ভ্ৰমণ বৃতান্ত নাই।ইয়াৰ পৰিপ্ৰেক্ষিতত ভ্ৰমণ বৃত্তান্ত উন্মোচিত নোহোৱাৰ প্ৰতি লক্ষ্য ৰাখি সম্প্ৰতি গোলাঘাট জিলাত গণ সংক্ৰমণৰ আতংকত ভূগিছে সৰ্বসাধাৰণ ৰাইজ । জিলাখনত ৭৬ জন নতুন ক’ভিড ৰোগীৰ ভিতৰত আজিও জিলাখনত চিনাক্ত হৈছে ২২ জনকৈ ৰোগী ৷

ইফালে গোলাঘাট জিলাৰ দুজন সাংবাদিক ক’ভিড-১৯ ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকাৰ পাচত আজি গোলাঘাট সদৰৰ বৈদ্যূতিন মাধ্যমৰ এজন সাংবাদিকৰ দেহত কৰ’না ভাইৰাছ ধৰা পৰে । সাংবাদিকজন গোলাঘাট কুশল কোঁৱৰ আসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল যদিও উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে । ইয়াক কেন্দ্ৰ কৰি আজি গোলাঘাট নগৰৰ সাংবাদিক সকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় ।

ইতিমধ্যে ১৩ জন সাংবাদিকৰ লেলাউটি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । ১৩ জন সাংবাদিকৰ ভিতৰত একাংশ সাংবাদিক গোলাঘাট প্ৰেছ ক্লাবত,দুজন হোটেলত আৰু এজন হোম কোৱাৰেণ্টাইনত আছে ৷ গোলাঘাটত ক’ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি অহা ৯ জুলাইৰ পৰা ১৭ জুলাইলৈকে নিশা ৭ বজাৰ পৰা পুৱা ৭ বজালৈকে গোলাঘাট পৌৰসভা এলেকা তলাবন্ধ ঘোষণা কৰিছে ।

Exit mobile version