ধৰ্বংস হোৱাৰ পথত ঐতিহাসিক ফাকুৱা দৌল

Fa

সদৌ ভাৰতবৰ্ষৰ ভিতৰতে একক আৰু অসামান্য স্থাপত্য কলাৰ নিদৰ্শন হিচাপে পৰিচিত শিৱসাগৰ জিলাৰ জয়সাগৰত থকা ঐতিহাসিক ফাকুৱা দৌলটো ক্ৰমে ধ্বংসৰ মুখলৈ গতি কৰি থকাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে৷ আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহই সজোৱা এই দৌলৰ আৰ্হি দক্ষিণ পূব এছিয়াতহে থকাৰ কথা প্ৰত্নতত্ত্ববিদসকলে জানিবলৈ দিছে । অষ্টম শতিকাত নিৰ্মিত যাভা দ্বীপৰ বৰবুদুৰত থকা সুবৃহৎ স্তুুপটোৰ উপৰি ১২৭৪ খ্ৰীষ্টাব্দত নিৰ্মিত ব্ৰহ্মদেশৰ পাগানত থকা মিংগালাজেদি পেগোদাটো তথা মিচৰৰ পিৰামিডৰ মাজত আৰু মেক্সিকোৰ মায়া স্থাপত্যৰ ভিতৰতহে ফাকুৱা আৰ্হিৰ স্থাপত্য থকাৰ কথা জানিব পৰা গৈছে ।

সমগ্ৰ ভাৰতবৰ্ষতে নথকা আৰ্হিৰ স্থাপত্য হিচাপে জনাজাত ফাকুৱা দৌলটোৰ চৌপাশে সম্প্ৰতি গঢ়ি উঠা একাধিক আৱাস গৃহই দৌলটো আৱৰি ধৰি ইয়াৰ সৌন্দৰ্য নষ্ট কৰাৰ উপৰি দৌলটোৰ এলেকাৰ পৰা পানী নিৰ্গমণৰ পথসমূহ পুতি পেলাই দৌলটোক ধৰ্বংসৰ মুখলৈ ঠেলী দিছে ৷ চৰকাৰী নথি পত্ৰত ৭৬৫৭ দাগ নম্বৰত ১ বিঘা ২ কঠা ৭ লোচা মাটি কালি থকা এই দৌলটোৰ সন্দৰ্ভত ৰাজ্যৰ প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ বিষয়াই এই প্ৰতিবেদকক জনোৱা মতে, মানুহে পানী নিৰ্গমণৰ পথসমূহ বন্ধ কৰি পেলোৱাৰ ফলত দৌলটো থকা স্থানত খৰালিও পানী থকাৰ উপৰি বাৰিষা একাঁঠু পৰ্যন্ত পানী আৱদ্ধ হৈ থাকে ৷

এনেদৰে পানী বছৰৰ বাৰ মাহেই দৌল থকা স্থানত আৱদ্ধ হৈ থকাৰ ফলত দৌলটোৰ স্থায়ীত্বৰ প্ৰতি ভাবুকি অহাৰ কথা জানিবলৈ দি সঞ্চালকালয়ৰ বিষয়াগৰাকীয়ে জনায় যে এনেদৰে থাকিলে অনাগত ১০ বছৰমানৰ ভিতৰত দৌলটো ধ্বংসস্তুুপত পৰিণত হ’ব । আনহাতে দৌলৰ স্থানৰ পৰা পানী নিষ্কাষণৰ ব্যৱস্থা কৰিলে দৌলটোৰ প্ৰায় ৭০-৮০ শতাংশ সমস্যা সমাধান হৈ যাব বুলি জানিবলৈ দিছে বিষয়াগৰাকীয়ে ৷ দৌলটো থকা স্থানৰ পৰা ৩০০ মিটাৰমানলৈ পানী নিষ্কাষণৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন বুলি জানিবলৈ দি বিষয়াগৰাকীয়ে কয় যে ৩০০ মিটাৰলৈকে পানী নিষ্কাষণৰ ব্যৱস্থা কৰিলে দৌলটোৰ লগতে কাষতে থকা ঐতিহাসিক ৰংগনাথ শিৱদৌল আৰু হৰগৌৰী দেৱালয় শীৰ্ষক গুৰুত্বপূৰ্ণ পুৰাতাত্বিক সম্পদকেইপদো ৰক্ষা পৰিব ৷

তদুপৰি এই ব্যৱস্থাই দৌলটোক ১০০ বছৰমানলৈকে আয়ুস দিবলৈ সক্ষম হ’ব বুলিও উল্লেখ কৰে বিষয়াগৰাকীয়ে ৷ আনহাতে নাম প্ৰকাশত অনিচ্ছুক এই বিষয়াগৰাকীয়ে দৌলটোৰ চাৰিসীমাৰ পকী দেৱালখন ওখ কৰাৰ উপৰি দৌলটোৰ ভাগি পৰা ভাগি পৰা অংশ বিশেষ বুৰঞ্জীবিদ আৰু স্থাপত্যৰ গৱেষক আদিৰ লগত আলোচনা কৰি ইয়াক পুনৰ নিৰ্মাণ কৰাৰ লগতে সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰতো চৰকাৰে গুৰুত্ব দিব লাগে বুলি মন্তব্য কৰে ৷

উল্লেখযোগ্য যে ফাকুৱা দৌলৰ সন্মুখত অৱস্থিত ৰংগনাথ শিৱদৌলৰ চৌহদ বেদখল কৰি এজন লোকে সজা পকী বেৰা ভাঙি পেলাই কেইমাহমানৰ আগতে দৌলটোক বেদখলমুক্ত কৰিছিল আহোম সেনা নামৰ সংগঠনটোৱে ৷ একেদৰে আটাছুৱে সেই স্থানত সকলোধৰণৰ নিৰ্মাণকাৰ্য বন্ধ কৰি দিছিল ।বৰ্তমান সময়তো ফাকুৱা দৌলটোক ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত প্ৰশাসন,আটাছু আৰু আহোম সেনাই কি পদক্ষেপ গ্ৰহণ কৰে সেয়াও হ’ব লক্ষ্যনীয় ৷

Exit mobile version