বাৰে বাৰে প্ৰশ্ন কৰিছে কৰন জোহৰে;কিন্তু কি হৈছে কৰন জোহৰৰ?

07 07 2020 karan sushant 20484475

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পিছত ইটোৰ পিছত সিটোৰ সমালোচনাৰ সন্মুখীন হোৱা কৰন জোহৰ সম্প্ৰতি মানসিকভাৱে ভাগি পৰিছে ।কোনোবাই যদি কৰনক ফোন কৰে তেন্তে তেওঁ কান্দিবলৈ ধৰে।আৰু প্ৰশ্ন কৰে সচাঁকৈয়ে কৰন এই সমালোচনাৰ যোগ্য নেকি? এই মন্তব্য কৰিছে কৰনৰ এজন ঘনিষ্ঠ বন্ধুৱে ৷কৰণৰ ঘনিষ্ঠ বন্ধুজনে কয় যে সুদীৰ্ঘ সময়ৰ পৰা কৰণ যিহেতু সমালোচনাৰ সন্মুখীন হৈ আহিছিল ৷

গতিকে প্ৰথমতে কৰনে এইবোৰ কথা গুৰুত্ব দিয়া নাছিল যদিও সুশান্তৰ আত্মহত্যাত তেওঁ ভাগি পৰিছে ৷ ইপিনে কৰনৰ লগতে তেওঁৰ পৰিয়ালকো সমালোচনাৰ লক্ষ্য কৰি লোৱা হৈছে ৷সেয়েহে কৰনে নিজকে এইবাৰ দোষী বুলি অনুভৱ কৰিছে। কাৰণ,কৰনৰ তিনিবছৰীয়া সন্তানক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছে অজ্ঞাত লোকে ৷

সুশান্তৰ লগত কোনো সম্পৰ্ক নথকা অন্যান্য পাণ্ডেৰ দৰে অভিনেত্ৰীকো সম্প্ৰতি সুশান্তৰ আত্মহত্যাৰ কাৰণে দোষী সাব্যস্ত কৰিছে সমালোচকে ।আনহাতে সুশান্তৰ আত্মহত্যাৰ পিছত দেশত হোৱা নিপ’টিজমৰ বিতৰ্ক সন্দৰ্ভত মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ আহ্বান কৰিছে কৰনৰ অধিবক্তাই। কাৰণ এতিয়া কৰনৰ মন্তব্যই পৰিস্থিতি অধিক অৱনতি ঘটাব পাৰে ৷

উল্লেখযোগ্য যে সুশান্তৰ আত্মহত্যাৰ পিছতে ১৪ জুনত শেষ বাৰৰ কাৰণে ছ’চিয়েল মিডিয়াত এটি আৱেগিক প’ষ্ট দিছিল কৰনে ৷কৰনে সুশান্তৰ লগত দীৰ্ঘদিন ধৰি সম্পৰ্কত নথকাত লৈ আক্ষেপ কৰিছিল ৷ইয়াৰ পিছতে সকলোৱে বলীউডৰ নেপ’টিজমৰ গুৰু হিচাপে কৰন জোহৰক সমালোচনা কৰিছিল ৷ ইয়াৰ পিছতে প্ৰায় ২৫ দিন ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰি আছে কৰন জোহৰ ৷

Exit mobile version