কৰ’না ভাইৰাছৰ সমান্তৰালকৈ বৃদ্ধি পাইছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ক্ষোভঃ কিন্তু কিয়?

Donald Trump 4 20 REUTERS TT

সমগ্ৰ বিশ্বত কৰ’না ভাইৰাছ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ চীনৰ প্ৰতি ক্ষোভ বৃদ্ধি পাইছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ৷ বুধবাৰে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মিডিয়া উপদেষ্টা কায়লী মেকনেনীয়ে চীনৰ বিৰুদ্ধে অনতিপলমে আমেৰিকাই তদন্ত কৰাৰ সন্দৰ্ভত ইংগিত প্ৰদান কৰে ৷ মেকনেনীয়ে কয় “চীনৰ প্ৰতি আমেৰিকাই কৰা তদন্ত সন্দৰ্ভত মই ৰাষ্ট্ৰপতিতকৈ আগত একো ক’ব নোৱাৰে৷ অনতিপলমে আপোনালোকে ইয়াৰ বিষয়ে জানিব পাৰিব ৷ আমাৰ পৰৱৰ্তী পদক্ষেপৰ সন্দৰ্ভত জানিবলৈ হ’লে আপোনালোকে ধৈৰ্য ধৰিব লাগিব” ৷

আনহাতে চীনৰ পৰা সমগ্ৰ বিশ্বত কৰ’নাৰ সংক্ৰমণৰ পিছৰে পৰা আমেৰিকা আৰু চীনৰ মাজত উত্তেজনা অব্যাহত আছে ৷ ৰাষ্ট্ৰপতি ট্ৰাম্পে বহুবাৰ চীনৰ বিৰুদ্ধে তদন্ত কৰাৰ হুংকাৰ দিছে ৷ ইয়াৰোপৰিও হুৱাইট হাউচৰ চীফ অফ ষ্টাফ ৰবাৰ্ট অ’ব্ৰিন, এনএচএ অ’ ব্ৰিন আৰু বৈদেশিক মন্ত্ৰী প’ম্পিয়ও চীনৰ ওপৰত তদন্ত কৰাৰ কথা ঘোষণা কৰি আছে ৷ ইফালে, আমেৰিকাৰ নেশ্যনেল চিকিউৰিটি এডভাইজাৰ অ’ ব্ৰিনে বুধবাৰে কয় যে এতিয়া হংকঙক চীনৰ অংশ বুলি ধৰি লোৱা হ’ব ৷ কাৰণ চীনে হংকঙৰ বিৰুদ্ধে নতুন সুৰক্ষা আইন প্ৰযোজ্য কৰিছে ৷ গতিকে হংকঙত বহুত নতুন নিয়ম হ’ব ৷ অনাগত দিনত আমেৰিকাই চীনৰ বিৰুদ্ধে বহু পদক্ষেপ ল’ব পাৰে ৷

লগতে অ’ ব্ৰিনে কয় যে ট্ৰাম্পৰ পূৰ্বে কোনো ৰাষ্ট্ৰপতিয়েই চীনৰ বিৰুদ্ধে এনেদৰে পূবৰ্তে হুংকাৰ দিয়া নাছিল । উল্লেখযোগ্য যে ফেডাৰেল ইনভেষ্টিগেশ্যন ব্যুৰোৰ সঞ্চালক ক্ৰিষ্টোফাৰ ৰেই কয় যে চীন আমেৰিকাৰ কাৰণে ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে ৷ লগতে ক্ৰিষ্টোফাৰে কয় যে আমেৰিকাই কৰ’নাৰ সন্দৰ্ভত কৰা গৱেষনাত চীনে সফল হোৱাত বাধা প্ৰদান কৰিছে । চীনে সম্প্ৰতি বিশ্বৰ ছুপাৰপাৱাৰ সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ গতিকে কৰ’না ভাইৰাছক লৈ চীন আৰু আমেৰিকাৰ সম্পৰ্ক কেনেধৰণৰ হ’ব সেয়া সময়েহে ক’ব ৷

Exit mobile version