নতুন কৌশলেৰে অসমৰ মাজেৰে নগালেণ্ডলৈ অব্যাহত আছে অৰুণাচলী সুৰাৰ চোৰাং বেহা

WhatsApp Image 2020 07 09 at 8.22.18 PM

যি সময়ত সমগ্ৰ ৰাজ্যত কৰ’নাই আতংকৰ বিৰাজ কৰিছে মাজত সেই সময়তেই ৰাজ্যৰ ৰাজকোষত প্ৰচণ্ড মাধমাৰ সোধাই একাংশ সুৰা ব্যৱসায়ীয়ে সংশ্লিষ্ট বিভাগৰ চকুত ধূলি দি নিতৌ অব্যাহত ৰাখিছে অৰুণাচলী সুৰাৰ চোৰাং সৰবৰাহ ৷ পূৰ্বৰে পৰা ট্ৰাকে ট্ৰাকে অৰুণাচলী সুৰা সৰবৰাহ কৰি থকা এই চক্ৰটোৱে চৰকাৰৰ কঠোৰ স্থিতি আৰু বি আই ই অৰ অভিযানৰ বাবে দীৰ্ঘদিন ধৰি চোৰাং সৰবৰাহৰ কাম স্তিমিত কৰি ৰাখিছিল যদিও সম্প্ৰতি নতুন কৌশলেৰে চোৰাং চক্ৰটো সক্ৰিয়ভাৱে নামি পৰিছে সুৰাৰ এই অবৈধ ব্যৱসায়ত  ৷

আজি বোকাজান মহকুমাৰ খটখটী আৰক্ষীয়ে লাহৰীজানৰ মংৰিলাল নামৰ এজন লোকৰ মালিকাধীন এটা ভাড়াতীয়া কোঠাৰ পৰা মজুত ৰখা পোন্ধৰশ এনে অবৈধ সুৰাৰ বটল জব্দ কৰাৰ লগতে অভিযানৰ সময়তেই AS05A1865 নম্বৰৰ এখন এল্ট’ গাড়ীৰ পৰা অৰুণাচলী সুৰাৰ বটল নমাই থকা অৱস্থাত বিজয় প্ৰতাপ সিং নামৰ চালকজনৰ সৈতে গাড়ীখন জব্দ কৰে ৷ ইয়াৰ পাছতেই পোহৰলৈ আহিছে চোৰাং সুৰা সৰবৰাহকাৰীৰ নতুন কৌশল ৷ এই ব্যৱসায়ী চক্ৰটোৱে প্ৰায় বিশ খন যাত্ৰীবাহী বিলাসী বাহনেৰে তেজপুৰ আৰু নুমলীগড়ৰ পৰা এই সুৰাৰ বটলসমূহ কাৰ্টুনৰ পৰা উলিয়াই চকুত নপৰাকৈ গাড়ীৰ ডিকি আৰু ছিটৰ তলত ভৰাই কাৰ্বি আংলংৰ খটখটী আৰু গোলাঘাট জিলাৰ বৰপথাৰ হৈ মেৰাপানীৰ দয়ালপুৰলৈ নি মজুত কৰি নগালেণ্ডলৈ সৰবৰাহ কৰে ৷

এই চোৰাং ব্যৱসায় চক্ৰটো প্ৰত্যক্ষ ভাৱে পৰিচালিত কৰে চিলনীজানৰ অধেশ যাদৱ, গোলাঘাট সৰুপথাৰৰ পাৰ্থ ছোম, মেৰাপানীৰ জনৈক যতীন আৰু নানো নামৰ চোৰাং সৰৱৰাহকাৰী কেইজনে ৷ ইয়াৰে পাৰ্থ ছোম নামৰ যুৱক জনে নিজকে এজন প্ৰভাৱশালী মন্ত্ৰীৰ ঘনিষ্ঠ বুলি জাহিৰ কৰি পূৰ্ণোদ্যমে নামি পৰিছে এনে চোৰাং ব্যৱসায়ত ৷ ইপিনে নগালেণ্ডৰ ডিমাপুৰলৈ খটখটী আৰু ডিলাই পথেৰে এই চোৰাং ব্যৱসায় অব্যাহত ৰাখিছে কমলজিৎ সিং আৰু বিহাৰৰ বিকাশ জয়ছোৱাল নামৰ সুৰা ব্যৱসায়ী দুজনে ৷

উল্লেখযোগ্য যে বহু সময়ত আৰক্ষীৰ চকুত ধূলি দিবলৈ আলু বস্তাৰ তলত সুৰাৰ বটল লকুৱাই নিয়াৰ লগতে ডাম্পাৰত তলত সুৰাৰ বটল আৰু ওপৰত বালি ভৰাই অৰুণাচলী সুৰা সৰবৰাহ কৰাৰ তথ্যও পোহৰলৈ আহিছে ৷ এতিয়া ৰাজ্যৰ আবকাৰী বিভাগে এই অসাধু চক্ৰটোক কেনেদৰে নিয়ন্ত্ৰণ কৰি এনে চোৰাং ব্যৱসায় ৰোধ কৰিব পাৰে সেয়া লক্ষণীয় হ’ব ৷

Exit mobile version