ইমৰান খান চৰকাৰৰ প্ৰভাৱ বৃদ্ধিৰ পাছতে সেনাবাহিনীৰ লক্ষ্যণীয় তৎপৰতা

ECWPqLvXoAI1kl9

পাকিস্তানত পুনৰ সামৰিক অভ্যুণ্থানৰ ষড়যন্ত্ৰ আৰম্ভ হৈছে। সম্প্ৰতি পাক সেনাবাহিনীৰ তিনিজন জেনেৰেল সহ ৬০ জন গুৰুত্বপূৰ্ণ বিষয়াক বৰ্খাস্ত কৰাক কেন্দ্ৰ কৰি এনে শংকা বৃদ্ধি পাইছে। প্ৰাথমিক অভিযোগ অনুসৰি এই বিষয়াসকলে এটি হোৱাটছ এপ গ্রুপত গোপন মেছেজৰ আদান প্ৰদান কৰিছিল। অৱশ্যে সেনা অভ্যুণ্থানৰ ষড়যন্ত্ৰৰ বাবেহে যে তেঁওলোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে বুলি চৰকাৰীভাৱে নিশ্চিত কৰা হোৱা নাই। বিষয়াসকলৰ বিৰুদ্ধে অভিযোগ অনুসৰি পাকিস্তানত সামৰিক বাহিনীৰ স্পৰ্শকাতৰ ক্ষেত্ৰত স্মাৰ্টফোন ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। তাৰ পিছতো সেনাৰ সেইসকল বিষয়াই এটি হোৱাটছ এপ গ্রুপত ব্যাপক হাৰত সন্দেহজনক ‘মেছেজ’ আদান প্ৰদান কৰি আহিছে । ফলত বাহিনীত গোপন ষড়যন্ত্ৰ আৰম্ভ হোৱা বুলি সন্দেহ কৰা হৈছে ।

ADVERTISEMENT

ইয়াৰ পৰিপ্ৰেক্ষিততে লেফটেনেন্ট জেনেৰেল আব্দুল্লা ডগৰ, লেফটেনেণ্ট জেনেৰেল ইজাজ চৌধুৰী আৰু জেনেৰেল বিলাল আকবৰসহ বিভিন্ন ইউনিটৰ পৰা মুঠ ৬০ জন সেনা বিষয়াক বৰ্খাস্ত কৰে পাক সেনাই। তাৰ পাছৰ পৰাই জল্পনা- কল্পনা চলিছে যে স্মার্ট ফোন আৰু হোৱাটছএপ ব্যৱহাৰ প্ৰাথমিক কাৰণ হ’লেও সেনা বিদ্ৰোহৰ মূল কাৰণ সেনা বিদ্ৰোহৰ পৰিকল্পনা হ’ব পাৰে । ‘সিন্ধুদেশ’ নামৰ এটি টুইটাৰ একাউন্টত উল্লেখ কৰা হৈছে যে এটা গোপন হোৱাটছ এপ গোটৰ সদস্য হোৱাৰ অভিযোগত উক্ত তিনি জেনেৰেল সহ ৬০ জনক বৰ্খাস্ত কৰা হৈছে।

বিগত বৰ্ষৰ নৱেম্বৰত পাকিস্তানৰ সেনাপ্ৰধান হিচাপে কামাৰ বাজাৱাৰ ম্যাদ আৰু তিনি বছৰ বৃদ্ধি কৰিছিল প্ৰধানমন্ত্ৰী ইমৰান খানে। সেই সিদ্ধান্তৰ বাবে ২০২২ ৰ ৩০ নৱেম্বৰ পৰ্যন্ত তেওঁ সেনাপ্ৰধানৰ পদত থাকিব। কিন্তু এই সিদ্ধান্তত পাক সেনাৰ অভ্যন্তৰৰ একাংশৰ মনত ক্ষোভ অসন্তুষ পঞ্জীভূত হৈছে বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে। বাজৱাৰ প্ৰতি সেইসকলৰ আনুগত্য হ্রাসৰ লগতে তেওঁৰ বিৰুদ্ধাচৰণৰ সন্দেহ প্ৰকাশ কৰে একাংশ বিশেষজ্ঞই। এই গোটক মষিমূৰ কৰিবলৈ এই সিদ্ধান্ত লোৱা হ’ব পাৰে বুলি বিশেষজ্ঞসকলৰ একাংশই ধাৰণা কৰিছে ।

পাকিস্তানৰ ৭২ বছৰীয়া ইতিহাসত সামৰিক অভ্যুণ্থানৰ একাধিক উদাহৰণ আছে । শেহতীয়া চৰ্চা অনুসৰি ইমৰান খানৰ চৰকাৰত প্ৰভাৱ বৃদ্ধি পাইছে পাক সেনাৰ। দেশখনত অত্যাধিক মূল্যবৃদ্ধি, বিপৰ্যস্ত অৰ্থনীতিৰ দৰে বিভিন্ন বিষয়ত ইমৰান খানৰ জনপ্ৰিয়তা আৰু কৰ্তৃত্ব হ্ৰাস পাইছে। সেই সুযোগতে ইমৰানৰ ওপৰত সেনা বাহিনীয়ে চাপ বৃদ্ধি কৰিছে । সেয়েহে সাম্প্ৰতিক পৰিস্থিতিত সেনা অভ্যুণ্থানৰ বিষয়টো নুই কৰা নাই বিশেষজ্ঞই ।

Exit mobile version