উত্তৰাখণ্ডৰ পাছত এইবাৰ বিহাৰত ভাৰতৰ পথ নিৰ্মাণত নেপালৰ বাধা

Screenshot 2020 07 10 12 05 10 54 e2d5b3f32b79de1d45acd1fad96fbb0f

কিছুদিন পূৰ্বে উত্তৰাখণ্ডৰ ধাৰাচুলাৰ পৰা লিপুলেখ পৰ্যন্ত পথ নিৰ্মাণৰ কামত বাধা দিছিল নেপালে  । তাৰ পাছত তিনি স্থানত ভাৰতীয় ভূ খণ্ডক নিজ মানচিত্ৰত অন্তৰ্ভুক্ত কৰি সংবিধান সংশোধন কৰে নেপালৰ কে পি শৰ্মা অলিৰ চৰকাৰে। ইয়াকে লৈ দুই দেশৰ মাজত টনা-আঁজোৰা চলিছে। তাৰ মাজতে পুনৰ বিহাৰৰ সীতামাৰি জিলাৰ নেপাল সংলগ্ন অঞ্চলত ভাৰতত এক ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম বন্ধ কৰি দিয়ে নেপালে। ইয়াকে লৈ দিল্লী আৰু কাঠমাণ্ডুৰ মাজত টনা-আজোৰা আৰম্ভ হৈছে। সীতামাৰি জিলাৰ প্ৰশাসনৰ সূত্ৰই জনোৱা মতে, বিহাৰৰ ৬৩১ কিলোমিটাৰ অঞ্চলজুৰি নেপালৰ সীমাও আছে। দীৰ্ঘদিন ধৰি এই সংলগ্ন অঞ্চলত পথ নিৰ্মাণৰ কাম কৰিছে বিহাৰ চৰকাৰে। তাতে কোনোদিন কোনো অসুবিধাও হোৱা নাই। কিছুদিন বিহাৰ চৰকাৰৰ বিভিন্ন সংস্কাৰমূলক কাম-কাজত বাধা দিছে নেপাল চৰকাৰে।

কিছুদিন পূৰ্বে পূব চম্পাৰণ জিলাৰ নেপাল সীমান্তৰ সীমান্তৰ লালবকেয়া নদীৰ ওপৰত এটা বান্ধ নিৰ্মাণৰ কামত বাধা দিছিল তেওঁলোকে। তাৰ পাছত সীতামাৰীৰ এজন বাসিন্দাক সিপাৰৰ পৰা গুলিচালনা কৰি হত্যা কৰে নেপালৰ সীমান্তৰক্ষীয়ে। ইয়াৰ পিছত এইবাৰ বিহাৰৰ উত্তৰ প্ৰান্তত অৱস্থিত ৰাম সীতাৰ স্মৃতি জড়িত সীতামাৰীৰ পৰা ভিট্টামোড় পর্যন্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম বন্ধ কৰি দিলে নেপালে। ভাৰতে ন’ মেনছ লেণ্ডৰ ওপৰেৰে এই পথ নিৰ্মাণ কৰা বুলি কাঠমাণ্ডুৰ অভিযোগ। অৱশ্যে এই দাবী মিছা বুলি জনাইছে হাইৱে নিৰ্মাণৰ দায়িত্বপ্ৰাপ্ত ভাৰতীয় বিষয়াসকলে। ঘটনা সন্দৰ্ভত বিতং প্ৰতিবেদন কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ক জমা দিছে নীতিশ কুমাৰৰ প্ৰশাসনে।

Exit mobile version