অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে যশ্বসী অভিনেতা আদিল হুছেইনে

608373

অসম সন্তান আন্তজাৰ্তিক খ্যাতিসম্পন্ন যশস্বী অভিনেতা আদিল হুছেইনে এই বৰ্ষৰ একাদশ লণ্ডন ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত বটাঁৰে সন্মানিত হৈ ৰাজ্যৰ লগতে দেশলৈ সন্মান কঢ়িয়াইছে । বাগৰি ফাউণ্ডেচন আৰু ব্ৰিটিছ ফিল্ম ইনষ্টিটিউটৰ দ্বাৰা সমৰ্থিত একাদশ লণ্ডন ভাৰতীয় চলচ্চিত্ৰ মহৎসৱত কৰ্মক্ষেত্ৰত অসাধাৰণ কৃতিত্বৰ বাবে এই বটাঁ লাভ কৰে ৷

ADVERTISEMENT

চলিত বৰ্ষৰ এই অনুষ্ঠানত একেটা শিতানত সন্মানিত হোৱা আন অভিনেতাসকল হৈছে ফ্ৰিডা পিন্টো আৰু বিদ্যা বালন ৷ আনহাতে আইকন এছিভমেন্ট বটাঁৰে বিভূষিত কৰা হৈছে যশস্বী অভিনেত্ৰী তথা পৰিচালিকা দীপা মেহতা আৰু শ্বাবানা আজমী ৷ পাকিস্তানী চিত্ৰ নিৰ্মাতা ছাইম ছাদিকৰ “ডাৰ্লিং” শীৰ্ষক চুটি ছবিখনে শ্ৰেষ্ঠ চুটি ছবিৰ সত্যজিত ৰায় বটাঁ লাভ কৰে ৷

Exit mobile version