গুৱাহাটীত কবৰস্থান সমিতিৰ সভা, কৰ’না আক্ৰান্তক জানাজা-কবৰ দিবলৈ সাজু ৮খনকৈ কবৰস্থান সমিতি

corona meeting

শনিবাৰে বৃহত্তৰ গুৱাহাটী মহানগৰীৰ কবৰস্থান সমিতিসমূহে উলুবাৰীৰ শৰণীয়া কবৰস্থান সমিতিৰ কাৰ্যালয়ত এখন বিশেষ সভা অনুষ্ঠিত কৰে৷ উলুবাৰীৰ শৰণীয়া কবৰস্থান সমিতিৰ আহ্বানত অনুষ্ঠিত সভাত গাড়ীগাঁও কবৰস্থান সমিতি, দ্বাৰান্দা কবৰস্থান সমিতি, হাতীগাঁও-সিজুবাৰী কবৰস্থান সমিতি, আঠগাঁও কবৰস্থান সমিতিসহ ৮খন কবৰস্থান সমিতি উপস্থিত থাকে ৷ বৃহত্তৰ গুৱাহাটী মহানগৰীৰ কবৰস্থানসমূহৰ যুটীয়া সভাত সভাপতিত্ব কৰে শৰণীয়া কবৰস্থান সমিতিৰ সভাপতি তথা জ্যেষ্ঠ অধিবক্তা, প্ৰাক্তন আছু নেতা নেকিবুৰ জামানে৷কৰ’না মহামাৰীৰ জটিল সময়ত মৃত্যুক আকোঁৱালি লোৱা লোকৰ সৎকাৰ সন্দৰ্ভত বিশদ আলোচনা কৰে সমিতিসমূহে ৷ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকক চৰকাৰী নিৰ্দেশনা মানি শেষকৃত্য কৰাৰ বাবে গুৱাহাটীৰ কবৰস্থান সমিতিসমূহে ঐক্যমতত উপনীত হয় ৷

চৰকাৰী নিয়ম মতে, মৃতদেহ কবৰস্থান সমিতিসমূহক গতাই দিলে জানাজা আৰু কবৰস্থ কৰাৰ বাবে সকলো ব্যৱস্থা কৰিব বুলি কয় ৷ কিন্তু প্ৰশাসনক প্ৰয়োজনীয় সামগ্ৰী খিনি দিবলৈ আহ্বান জনায় ৷ উক্ত সভা সমাপ্ত হোৱাৰ পিছতে নেকিবুৰ জামান, নুৰুল হক আৰু চাজিদ ৰহমানে এখন সংবাদমেল সম্বোধন কৰি সভাখনত কেইবাটাও প্ৰস্তাৱ লোৱাৰ কথা উল্লেখ কৰে ৷ ইছলাম ধৰ্মৰ দাৰ্শনিকসকলে হাজাৰ হাজাৰ বছৰৰ পূৰ্বে ধৰ্ম গ্ৰন্থত উল্লেখ কৰি থৈ যোৱা বিষয় এটাও উল্লেখ কৰে নেকিবুৰ জামানে ৷ ইছলামত মহামাৰীত আক্ৰান্ত হৈ কোনো লোকৰ মৃত্যু হলে শ্বহিদী মৰ্যদা লাভ কৰে বুলি কয় ৷ অৰ্থাৎ তেনে লোকক কফনৰ কাপোৰ নতুবা গানুধুৱাকৈ জানাজা আৰু কৱৰ দিব পৰাৰ নিয়ম আছে বুলি উল্লেখ কৰে ৷

এই ক্ষেত্ৰত অসমৰ এগৰাকী মুফতি খাইৰুল ইছলামৰ এটা অডিঅ’ টেপ প্ৰচাৰ কৰা মহামাৰীত মৃত্যু হোৱা লোকৰ শ্বহিদী মৰ্যদা লাভ কৰে বুলি কয়৷ আনহাতে আজি অনুষ্ঠিত সভাত গুৱাহাটীৰ কৱৰস্থান সমিতিসমূহৰ এখন সমন্বয় সমিতি গঠন কৰা হয়৷ নেকিবুৰ জামানক মুখ্য আহ্বায়ক, নুৰুল হক, চাজিদ ৰহমান আৰু ইনামুল ৰহমানক আহ্বায়ক, জোৎস্না আলী, মিৰহুছেইন আলী, মফিজ আলী, নজৰুল ইছলাম, মুছালী আলী, চৈয়দ আবদুৰ ৰছিদ আহমেদ, আজম মিঞা, মুজিবুৰ ৰহমানক সদস্য হিচাপে লৈ সমন্বয় সমিতি গঠান কৰা হয়৷ সভাখনত কৱৰস্থান সমিতিসমূহে কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা একাংশ লোকৰ মৃতদেহ সৎকাৰৰ নামত পৰিয়ালে আলাই-আথানিৰ সন্মুখীন হোৱাৰ ঘটনাত দুখ প্ৰকাশ কৰে৷ সভাই আটাইবোৰ কৱৰস্থান সমিতিৰ মতৰ ভিত্তিত সিদ্ধান্ত গ্ৰহণ কৰে যে কৱৰস্থানসমূহে নিজ নিজ এলেকাৰ ব্যক্তিৰ কৰ’নাত মৃত্যু হলে নিজ নিজ কৱৰস্থানতে ধৰ্মীয় ৰীতি-নীতি আৰু প্ৰশাসনৰ নিৰ্দেশ অনুযায়ী জানাজা সম্পন্ন কৰা আৰু কৱৰস্থ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা বুলি সংবাদমেলত উল্লেখ কৰে ৷

গুৱাহাটীত যিবোৰ সৰু সৰু কৱৰস্থান অঞ্চল বিশেষে নিৰ্মাণ হৈছে সেই অঞ্চলৰ কোনো লোকৰ কৰ’নাত মৃত্যু হলে যদি সেই ঠাইত কৱৰ দিব পৰা ব্যৱস্থা নাথাকে তেন্তে গুৱাহাটীৰ ডাঙৰ কৱৰস্থান সমিতিসমূহৰ মাজত আলোচনাৰ ভিত্তিত সেই লোকৰ জানাজা আৰু কোনখন কৱৰস্থানত কৱৰস্থ কৰা হ’ব সেই সিদ্ধান্ত লোৱা হ’ব বুলি কৈ সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতি আৰু চৰকাৰী নিৰ্দেশনাৰ ভিত্তিত কৱৰ দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷

যদি চৰকাৰে নিৰ্দেশৰ ভিতৰত পৰে তেন্তে পিপিই কিট পৰিধান কৰি হলেও পৰিয়ালক মৃতদেহ এবাৰ চাবৰ ব্যৱস্থা কৰাৰ লগতে মৃত্যুৰ পিছত মৃতকে পাবলগীয়া সন্মান পোৱাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনায়৷ গুৱাহাটীৰ বাহিৰৰ কোনো লোকৰ যদি গুৱাহাটীত মৃত্যু হয় আৰু মৃতকৰ পৰিয়ালে যদি মৃতদেহ ঘৰলৈ নিবৰ ব্যৱস্থা কৰাত বাধা আহে তেন্তে গুৱাহাটীৰ কৱৰস্থান পৰিচালনা সমিতিসমূহৰ মাজত আলোচনাৰ মাধ্যমেৰে চৰকাৰী নিৰ্দেশ মতে যিকোনো এখন কৱৰস্থানত মৃতদেহ জানাজা আৰু কৱৰস্থ কৰা আৰু অসমৰ প্ৰতিখন জিলাৰ কৱৰস্থানসমূহৰ পৰিচালনা সমিতিক যদি কোনো লোকৰ কৰ’নাত মৃত্যু হয় তেন্তে সেই লোকৰ জানাজা আৰু কৱৰ দিয়াৰ ব্যৱস্থা কৰিবলৈ সমগ্ৰ অসমৰ কৱৰস্থানসমূহৰ পৰিচালনা সমিতিক আহ্বান জনাই গুৱাহাটীৰ কৱৰস্থান সমিতিসমূহে ৷

আনহাতে বহু অঞ্চলত বিভিন্ন ধৰ্মৰ সৎকাৰস্থলিত মৃতদেহ শেষকৃত্য কৰাত বাধা আৰোপ আৰু মৃতদেহ ঘুৰাই পঠোৱা হৈছে বুলি লক্ষ্য কৰাৰ বিষয়ে সভাত আলোচনা কৰা বুলি কয় সংবাদমেলত। মৃতজনক অসন্মান কৰাৰ লগতে পৰিয়ালক মানসিক আতিশয্য চলোৱা হৈছে বুলি অনুভৱ কৰা বুলি কৈ মানবীয় মূল্যবোধ আৰু মৃতকৰ শেষ বিদায় দিয়া কাৰ্যত অপমাৰ নকৰিবলৈ আৰু বিপদত পৰা পৰিয়ালক সহায় কৰিবৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন ধৰ্মৰ সৎকাৰস্থলী সমূহৰ পৰিচালনা সমিতিৰ সৈতে আলোচনাৰ্থে এটা সুস্থিৰ সিদ্ধান্ত লোৱাৰ আহ্বান জনায় ৷

গুৱাহাটী মহানগৰী এলেকাত কাৰ্যকৰী হৈ থকা তলাবন্ধৰ ফলত বিপদত পৰা সকলো ধৰ্মৰ দৰিদ্ৰ লোকক সাহায্য দিয়া, তলাবন্ধৰ সময়ত এই সভা অনুষ্ঠিত কৰিব দিয়াত জিলা প্ৰশাসন আৰু আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে কৰ’না মহামাৰীত আক্ৰান্ত হৈ অকালতে মৃত্যুক আকোৱালি লোৱা সকলো ব্যক্তিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে কৱৰস্থান সমিতিসমূহৰ সভাই৷

Exit mobile version