- সমগ্ৰ বিশ্বত কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১কোটি ২৫ লাখ ৪ হাজাৰ ৩৬৩ জন লোক আক্ৰান্ত হৈছে ৷ ইয়াৰ ভিতৰত ৭২ লাখ ৯২ হাজাৰ ১৩১ জন লোক সুস্থ হৈ উঠিছে ৷ আনহাতে, ৫ লাখ ৫৯ হাজাৰ ৫৮৫ জন লোক মৃত্যু মুখত পৰিছে । ইফালে আমেৰিকাত কৰ’নাৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পাইছে ৷ শুক্ৰবাৰে ইয়াত প্ৰায় ৬০ হাজাৰতকৈও অধিক কৰ’নাত আক্ৰান্ত লোক পোৱা গৈছে। আনহাতে কৰ’নাৰ সংক্ৰমণ বৃদ্ধি হোৱালৈ চাই বহু ৰাজ্যই তলাবন্ধৰ পোষকতা কৰিছে ৷
- ফান্সত বিগত ২৪ ঘন্টাত কৰ’নাত ২৫ জন লোকৰ মৃত্যু হৈছে ৷ ইয়াৰ লগতে ফান্সত কৰ’নাত মৃত্যু হোৱা লোকৰ সংখ্যাই ৩০ হাজাৰ অতিক্ৰম কৰিলে ৷
- বিট্ৰেইনত শুক্ৰবাৰে ৭৫ খন দেশৰ পৰা লোকসকলক আহিবলৈ অনুমতি প্ৰদান কৰে । বিট্ৰেইনৰ পৰিবহন মন্ত্ৰ্যালয়ে এই দেশসমূহৰ লিষ্ট জাৰি কৰে । কিন্তু এই দেশসমূহৰ তালিকাত নাই আমেৰিকাৰ নাম ৷ বিট্টেইনত বিগত ২৪ ঘন্টাত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৮ জন । ইয়াৰ লগ লগে বিট্টেইনত মৃত্যুৰ সংখ্যা ৪৪ হাজাৰ ৬৫০ লৈ বৃদ্ধি পালে ৷
- পাকিস্তানে কৰ’নাত সংক্ৰমণৰ ক্ষেত্ৰত পিছ পেলালে ইটালীক । ২ লাখ ৪৩ হাজাৰ ৫৯৯ টা সংক্ৰমণৰ ঘটনাই পাকিস্তানক বিশ্বৰ ১১ তম স্থানলৈ উপনীত কৰিলে । শুক্ৰবাৰে পাকিস্তানত ২ হাজাৰ ৭৫১ জন আক্ৰান্ত হয় কৰ’নাত ৷
- চীনে বিশ্ব স্বাস্থ্য সংস্থাৰ লগতে নিজৰ সম্বন্ধক অৰ্থহীন বুলি আখ্যা দিয়ে ৷ চীনৰ বিদেশ মন্ত্ৰ্যালয়ৰ প্ৰবক্তা ঝাঅ’ লিজিয়ানে কয় চীনে সংক্ৰমণক প্ৰতিৰোধ কৰিবৰ কাৰণে বিশ্ব স্বাস্থ্য সংস্থাৰ লগত কাম কৰি আছে ৷ আমেৰিকাই প্ৰথমতে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা ভিন্ন হৈছে।