সম্প্ৰীতিৰ বিৰল নিদৰ্শনেৰে জিলিকিল চাপৰৰ ৰঙামাটি

IMG 20200711 195510

সৰ্বত্ৰে সাম্প্ৰদায়িক অসহিষ্ণুতা ,জাত পাতৰ ৰাজনীতিৰে কিছুসংখ্যক সমাজখনক কলুষিত কৰাৰ অপচেষ্টা চলাই থাকিলেও সমাজৰ পৰা মানৱীয়তা, সম্প্ৰীতিৰ আদৰ্শকযে ধৰ্বংস কৰিব নোৱাৰে তাৰেই উৎকৃষ্ট উদাহৰণ দাঙি ধৰিলে ধুবুৰী জিলাৰ চাপৰৰ ৰঙামাটিৰ ৰাইজে । এগৰাকী হিন্দু ধৰ্মাৱলম্বী মহিলাৰ আজি পুৱাৰ ভাগত মৃত্যু হোৱাৰ পাছত অকলশৰীয়া মহিলাগৰাকীৰ মৃতদেহ ৰঙামাটিৰ স্থানীয় ইছলাম ধৰ্মালম্বী লোকে সম্পূৰ্ণ বৈদিক ৰীতি নীতিৰে সৎকাৰ কৰি মানৱ ধৰ্ম আৰু সম্প্ৰীতিৰ এক বিৰল নিদৰ্শন দাঙি ধৰিলে ৷

ADVERTISEMENT

উল্লেখযোগ্য যে শিলচৰৰ স্থায়ী বাসিন্দা ঊষা বিশ্বাস নামৰ মহিলাগৰাকী ২০১০ চনত কৰ্মসূত্ৰে এ.এন.এম নাৰ্ছ হিচাপে ৰঙামাটিস্থিত চম্পাৱতী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত যোগদান কৰিছিল ৷ কৰ্তব্য পালনৰ সুবিধাৰ বাবে বিশ্বাসে ৰঙামাটিৰে সাহানুৰ ইছলাম নামৰ লোকজনৰ ঘৰত ভাৰাতীয়া হিচাপে আছিল । ইপিনে কিছুদিন পূৰ্বে সেই ভাৰাঘৰটোতে মৃত্যু হৈছিল মহিলাগৰাকীৰ স্বামীৰো ৷ ইয়াৰ পিছত সন্তানহীনা মহিলাগৰাকীৰ স্বামীৰ মৃত্যুৰ পিছত শৰীৰত দুৰাৰোগ্যত আক্ৰান্ত হয় । ৰঙামাটিৰ স্থানীয় বাসিন্দা হৈ পৰা বিশ্বাসে সাহানুৰৰ ভাড়াঘৰতে থাকি চিকিৎসা কৰাই আছিল ৷

অৱশেষত নিয়তিৰ ওচৰত হাৰ মানি আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰে ঊষা বিশ্বাসে ৷ ইয়াৰ পিছত সাহানুৰে স্থানীয় ইছলাম ধৰ্মী লোকসকলৰ সহায়ত উষা বিশ্বাসৰ অন্তোষ্টিক্ৰিয়াৰ সকলো ব্যৱস্থা কৰি প্ৰকৃত ধৰ্ম অৰ্থাৎ মানৱীয়তা আৰু সম্প্ৰীতিৰ এক উজ্জ্বল নিৰ্দশন দাঙি ধৰিলে ৷ উল্লেখযোগ্য যে বৃহত্তৰ চাপৰ অঞ্চলত তাহানিৰ পৰাই বিদ্যমান সাতামপুৰুষীয়া শান্তি সম্প্ৰীতিৰ বাতাবৰণ যে এতিয়াও ম্লান হোৱা নাই তাকে পুনৰ বাৰ প্ৰমাণ কৰিলে ৰঙামাটিবাসীয়ে ৷

Exit mobile version