হোজাইত গণ সংক্ৰমণৰ আশংকাঃ মৃত্যুৰ পাঁচদিনৰ পিছত ক’ভিড-১৯ পজিটিভ

coronavirus 4833754 1920

মৃত্যুৰ পিছতে  হোজাইত এগৰাকী মহিলাৰ ক’ভিড-১৯ ৰ ফলাফল পজিটিভ অহাৰ পিছতে জিলাখনত গণসংক্ৰমণৰ আশংকা কৰিছে সচেতন মহলে ৷ হোজাইৰ গোবিন্দ পল্লীৰ বাসিন্দা ৫২ বছৰীয়া তৃপ্তি চক্ৰৱৰ্তীৰ মৃত্যুৰ পুৰ্বে সংগ্ৰহ কৰা লেলাউটিৰ পৰীক্ষাৰ ফলাফল মৃত্যুৰ পাঁচদিন পিছত আহে ৷ এই ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি হৈছে  ৷ তথ্য অনুসৰি দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত আছিল তৃপ্তি চক্ৰৱৰ্তী ৷ বহিঃৰাজ্যৰ পৰা তৃপ্তি চক্ৰৱৰ্তীৰ প্ৰথমে গুৱাহাটীত ৰেপিড টেষ্ট কৰাত ক’ভিড-১৯ত নিগেটিভ হয় ৷

ইয়াৰ পিছত প্ৰশাসনে তেওঁক ১৪ দিনৰ হোম কোৱাৰেন্টাইনত ৰাখে । ইয়াৰ পিছত পুনৰ হোজাইত তৃপ্তি চক্ৰৱৰ্তীৰ কৰ’নাৰ পৰীক্ষাৰ বাবে ডিফু মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছিল ৷ কিন্তু কোনো ধৰণৰ ফলাফল নহাত পুনৰ লেলাউটি গুৱাহাটীলৈ প্ৰেৰণ কৰে ৷ ইয়াৰ পিছত নিজৰ ঘৰতেই মৃত্যু হয় তৃপ্তি চক্ৰৱৰ্তীৰ । কিন্তু মহিলা গৰাকীৰ মৃত্যুৰ পিছত অহা ক’ভিড ফলাফলে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আৰু জিলা প্ৰশাসনে হোজাইৰ গোবিন্দপল্লীৰ এটা অংশ কনটেইনমেন্টজন হিচাপে ঘোষণা কৰিছে ৷

Exit mobile version