গুৱাহাটীত অবৈধ বইলাৰ ব্যৱসায়

2d7670cd aaa6 46a3 aee1 b8f3d73666ad

গুৱাহাটী মহানগৰীত তলাবন্ধ চলি থকা সময়তে এচাম অসাধু ব্যৱসায়ীয়ে আৰক্ষীক মেনজ কৰি নিজৰ ব্যৱসায় সুচাৰুৰূপে চলায় আছে ৷ মহানগৰীৰ তলাবন্ধৰ সময়ছোৱাত মাছ – মাংসৰ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ যদিও এচাম ব্যৱসায়ীয়ে অধিক মূল্যত মাছ-মাংস বিক্ৰী কৰা দেখিবলৈ পোৱা গৈছে ৷

ইয়াৰ মাজতে আজি পুৱা ৯ বজাত চানমাৰি আৰক্ষীয়ে বইলাৰ মুৰ্গী কঢ়িয়াই অনা পিকাপ ভেন এখন জব্দ কৰে ৷ চানমাৰি আৰক্ষীয়ে জানিবলৈ দিয়া মতে নাম্বাৰ বিহীন ব’লেৰো পিকাপ ভেন খনে বকোৰ পৰা খানাপাৰালৈ বয়ালাৰ মুৰ্গী কঢ়িয়াই আনি থকা অৱস্থাত শিলপুখুৰীত আৰক্ষীয়ে গাড়ী খন জব্দ কৰিবলৈ সক্ষম হয় ৷

ইপিনে আৰক্ষীয়ে আৰিফুল ইছলাম নামৰ গাড়ীচালকজনৰ স’তে গাড়ীখন চানমাৰি থানলৈ আনে ৷ চানমাৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে গাড়ীখন নতুন ৷ সেইবাবেই নম্বৰ প্লেট সংলগ্ন হোৱা নাই ৷ ইতিমধ্যে আৰক্ষীৰ তৰফৰ পৰা গাড়ীখনৰ স্বত্বাধিকাৰী আৰু চালকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷

Exit mobile version