গৰ্ভাৱস্থাত আক্ৰান্ত হ’ল শিশু

Baby with corona

মাতৃ ক’ভিড মুক্ত হৈছিল মাত্ৰ ।কিন্তু ৰক্ষা নপৰিল নৱজাতক ।দিল্লীৰ ৰামমনোহৰ লোহিয়া হাস্পতালত ক’ভিড১৯ৰ পৰা মুক্ত হোৱা প্ৰসূতিৰ সদ্যোজাত শিশু কৰ’নাত আক্ৰান্ত হ’ল ৷দেশৰ ভিতৰত এই ঘটনা প্ৰথম বুলি দাবী কৰিছে হাস্পাতাল কৰ্তৃপক্ষই ।চিকিৎসকসকলে কয় যে এই ঘটনাই প্ৰমাণ কৰিলে যে গৰ্ভাৱস্থাতে কৰ’নাত আক্ৰান্ত হ’ব পাৰে শিশু ৷

ৰামমনোহৰ লোহিয়া হাস্পতালৰ “নিওনেটাল ডিজিজেজ” বিভাগৰ সহকাৰী অধ্যাপক ৰাহুল চৌধুৰীয়ে কয় “গৰ্ভাৱস্থাত মাতৃ কৰ’নাত সংক্ৰমিত হৈছিল ৷কিন্তু শিশুৰ জন্মৰ সময়ত তেওঁৰ ৰোগমুক্ত হৈছিল ৷জন্মৰ ছঘণ্টাৰ পাছত নৱজাতকৰ তেজৰ নমুনা পৰীক্ষাৰ পাছত দেখা যায় যে শিশুটিৰ কৰ’নাত আক্ৰান্ত হৈছে ৷

ৰাহুলৰ দাবী অনুসৰি কৰ’নামুক্ত মাতৃৰ সদ্যোজাত সন্তান আক্ৰান্ত হোৱাৰ ঘটনা দেশত এই প্ৰথম ঘটিল ৷২৫ বছৰীয়া গৰ্ভৱতী মহিলাগৰাকীক বিগত মাহত হাস্পতালত ভৰ্তি কৰা হয় ৷১১ জুনৰ তেজ পৰীক্ষাত তেওঁৰ পজিটিভ ৰিপৰ্ট আহে। তাৰ পাছত তেওঁ কৰ’নামুক্ত হোৱাৰ পিছদিনাই সন্তান জন্ম দিয়ে ৷জন্মৰ ছঘণ্টা পাছত শিশুটিৰ তেজ পৰীক্ষা কৰা হয় ৷শিশুটিৰ সংক্ৰমণৰ মাত্ৰা যথেষ্ট ৷

Exit mobile version