দৰঙত বানত উটি যোৱা লোকক লৈ শ্বাসৰুদ্ধকৰ পৰিবেশ

fca6a99e c3f5 44c9 b2d7 10a7c85cbb6d

পাথৰিঘাটৰ আলিখাপাৰাত আজি পুৱাৰ ভাগতে ননৈ নৈৰ বাঢ়নী পানীয়ে মথাউৰি ভঙাত অঞ্চলটিত বানে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়ত এগৰাকী লোকক বানত উটি যোৱাক লৈ এক শ্বাসৰূদ্ধকাৰী পৰিবেশৰ সৃষ্টি হয়। ননৈ নদীৰ মথাউৰি চিঙা খবৰ পাই মথাউৰিৰ ভঙা অংশ চাবলৈ আজি পুৱাৰে পৰা সেই ঠাইত উপস্থিত হৈছিল বহু লোক।

সেই সময়তে আলিখাপাৰাৰ হেম চন্দ্ৰ ডেকা নামৰ লোকজনে তাত উপস্থিতলোকৰ বাধা আওকান কৰি বাৰে বাৰে মথাউৰিৰ চিঙা অংশৰ ফালে আগবাঢ়ি যায়। উপস্থিত থকা যুৱক কেইজনমানে হেম চন্দ্ৰক হাতত ধৰি উঠাই অনাৰ চেষ্টা কৰে যদিও তেওঁক বোকাময় স্থানৰ পৰা যুৱক কেইজনক ওফৰাই পানীৰ সোঁতৰ মাজলৈ গুছি যায় ৷ তাৎক্ষণিকভাৱে পানীৰ প্ৰবাল সোঁতে নিমিষতে উটুৱাই লৈ যায় লোকজনক।

লগে লগে ঘটনাস্থলীত উপস্থিত ৰাইজ আৰু পাথৰিঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ নাথ শৰ্মাৰ নেতৃত্বত যোৱা আৰক্ষীৰলোকৰ মাজত হুৱা দুৱা লাগে। লোকজনক বানে প্ৰায় কিছুদুৰ উটুৱাই নিয়াৰ পিচত অৱশ্যে আৰক্ষীৰ লগতে স্থানীয় ৰাইজৰ সহযোগত লোকজনক পানীৰ পৰা উদ্ধাৰ কৰাত প্ৰায় এঘণ্টাযোৰা শ্বাসৰুদ্ধকৰ পৰিবেশৰ অৱসান ঘটে।

কিন্তু পানীৰ পৰা উঠাই অনাৰ পিছতেই লোকজনে পুনৰ মথাউৰি চিঙা অংশলৈ যাবলৈ বিচৰাত উপায়ন্তৰ হৈ ৰাইজে গছত বান্ধি ৰাখে লোকজনক। স্থানীয় ৰাইজৰ একাংশই লোকজন সুৰামত্ত হৈ থকা বুলি অভিযোগ কৰাৰ বিপৰীতে আন একাংশই তেওঁক মানসিক ৰোগী বুলি মন্তব্য কৰে ।

Exit mobile version