নয়নতৰা চহৰীয়াৰ হত্যাকাণ্ডৰ সন্ধান পালে আৰক্ষীয়ে

image

কলাইগাঁৱত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডৰ  প্ৰকৃত হত্যাকাৰীক সন্ধান পালে আৰক্ষীয়ে । এই সন্দৰ্ভত আৰক্ষীয়ে পাঁছ দিন ধৰি ব্যাপক তদন্ত অব্যাহত ৰাখিছিল ৷ ইয়াৰ পিছত কলাইগাঁও আৰু ওদালগুৰি আৰক্ষীয়ে বিশেষ তদন্ত অব্যাহত ৰাখি নয়নতৰা চহৰীয়াৰ স্বামী উপেন বৰুৱা , বৰ পুত্ৰ হীৰকজ্যোতি বৰুৱা , ঘৰুৱা কাম কৰা মহিলা যশোদা ৰাভা আৰু পকা মিষ্ট্ৰী নেৱাজী হুছেইনক আটক কৰি আজি ওদালগুৰি আদালতত হাজিৰ কৰে ।

আৰক্ষীয়ে আৰু অধিক তথ্য উদ্ঘাটনৰ বাবে আটক কৰা চাৰিগৰাকী লোককে নিজৰ জিম্মাত বিচাৰে৷ আনহাতে আৰক্ষীয়ে সোমবাৰে সংবাদ মেলৰ আয়োজন কৰি সকলো তথ্য যোগান ধৰিব বুলি জনাইছে৷ এক সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি উক্ত চাৰিও গৰাকীয়ে সংগবদ্ধ হৈ হত্যা কৰিছিল নয়নতৰাক ৷ প্ৰাতঃভ্ৰমন কৰি ঘুৰি অহাৰ পিছতে নয়নতৰাক নিজ গৃহতে হত্যা কৰা হৈছিল ।

হত্যা কৰাৰ পিছত পকা মিষ্ট্ৰী নেৱাজি হুছেইনে এডাল ৰচীৰে বান্ধি ঘৰৰ ভিতৰতে লুকুৱাই ৰাখিছিল নয়নতৰাক৷ আৰু গভীৰ নিশা বৰষুণৰ সুযোগ গ্ৰহণ কৰি UN একাডেমীৰ এটি কোঠা থৈ আহিছিল । হত্যাকাৰীয়ে ৰাইজ তথা আৰক্ষীক ভুল পথে নিবৰ বাবে নয়নতৰাৰ মৃত দেহটোৰ কাপোৰ উদঙাই ধৰ্ষণৰ ৰূপ দিয়াৰ পৰিকল্পনা কৰি মুখ আৰু যোনিত এচিদ জাতীয় পদাৰ্থ ঢালি বিকৃত কৰি পেলাইছিল। আৰক্ষীয়ে হত্যাকাৰীৰ সন্দৰ্ভত এতিয়াও মুখ খোলা নাই যদিও স্বামী উপেন বৰুৱাৰ পৰা কিছু যৌন উত্তেজক কেপচুল উদ্ধাৰ হোৱাৰ লগতে বৰ পুত্ৰৰ মবাইল ফোনত বহু অশ্লীল ভিডিঅ’ লাভ কৰিছে ।

আন এক সুত্ৰৰ পৰা জানিব পৰা মতে নয়নতৰা চহৰীয়াৰ সৰু পুত্ৰৰ সতে মধুৰ সম্পৰ্ক আছিল ৷ কিন্তু বিভিন্ন পাৰিবাৰিক অশান্তিৰ বাবে বৰ পুত্ৰ আৰু স্বামীৰ স’তে নয়নতৰাৰ সম্পৰ্ক ভাল নাছিল বুলি স্থানীয় লোকে জানিবলৈ দিয়ে ।ইপিনে স্বামী আৰু বৰ পুত্ৰৰ কাম কৰা মহিলা গৰাকীৰ স’তে অনৈতিক সম্পৰ্ক থকাৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হ’ল বুলি সামাজিক মাধ্যম তথা ৰাইজৰ মাজত চৰ্চা চলিছে ৷ এনেবোৰ বহু তথ্যৰ চৰ্চা যিয়েই নহওক কিয় প্ৰশাসন,চি আই ডি ,ফৰেণছিক ৰিৰ্পট আৰু মৰণোত্তৰ পৰীক্ষাৰ ৰিৰ্পট আৰক্ষীয়ে ফাদিল হোৱাৰ পিছতহে হত্যাকাৰীৰ প্ৰকৃত স্বৰূপ পোহৰলৈ আহিব ।

Exit mobile version