পলকতে চাওঁ আহক আজিৰ দিনটোৰ বিশেষ খবৰ

image

ৰাজ্যত নতুনকৈ ৫৩৫ জনৰ শৰীৰত পোৱা গৈছে কৰ’না ভাইৰাছৰ উপস্থিতি ৷ইয়াৰে ৪১০ জনেই গুৱাহাটী মহানগৰীৰ ৷সম্প্ৰতি ৰাজ্যত কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ১৬,০৭১ জনলৈ বৃদ্ধি পালে ৷সুস্থ হৈ উঠিছে ১০,৪২৬ জন ৷আনহাতে মৃত্যু হৈছে ৪৬ জনৰ ৷

অখিল গগৈৰ শৰীৰত কৰ’না পজিটিভ ধৰা পৰাৰ পিছতেই সম্প্ৰতি গগৈৰ চিকিৎসাৰ বাবে এখন বৰ্ড গঠন কৰিছে ৰাজ্য চৰকাৰে ৷GMCH ৰ প্ৰাক্তন অধ্যক্ষ ডা° ভৱানী প্ৰসাদ চক্ৰৱৰ্তীৰ নেতৃত্বত এই বৰ্ডত আছে পাঁচজন চিকিৎসক ৷ সম্প্ৰতি জি এম চিত কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত চিকিৎসাধীন হৈ আছে অখিলৰ লগতে আন কে’বাজনো কাৰাবন্দী ৷অখিলৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে ৷

বলীউডৰ চিৰসেউজ অভিনেত্ৰী ৰেখাৰ দেহৰক্ষীৰ শৰীৰতো পোৱা গৈছে কৰ’নাৰ উপস্থিতি ৷সম্প্ৰতি মুম্বাইৰ স্বাস্থ্য বিভাগে চীল কৰিছে ৰেখাৰ বাসগৃহ।

বাঘজানৰ জুই কেতিয়া নিৰ্বাপন কৰা হ’ব সেইয়া পৰৱৰ্তী সময়তহে গম পোৱা যাব ৷ লগতে  অইল কৰ্তৃপক্ষই পুনৰবাৰ সোমবাৰে জনাব পৰৱৰ্তী দিন কেতিয়া ধাৰ্য কৰা হ’ব ৷উল্লেখযোগ্য যে প্ৰায় ৪৪ দিন অহৰহ জ্বলিয়েই আছে বাঘজানৰ জুই ৷২১ জুনতেই বাঘজানৰ জুন নুমুৱাৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ বাবে এই অভিযানত সফল হ’ব পৰা নাই।

আগন্তুক সোমবাৰ আৰু মংগলবাৰে শ্বিলঙত হ’ব লকডাউন ৷এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী কনৰাড চাংমাই ৷কৰ’নাত সংক্ৰমণ প্ৰতিৰোধ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী চাংমাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে সকলো জনতাৰ সহযোগ বিচাৰিছে চাংমাই।

কৰ’নাত আক্ৰান্ত হৈছে বলীউডৰ বচ্চন পৰিয়াল ৷অভিতাভ বচ্চনৰ পিছত পুত্ৰ অভিষেক আৰু শেহতীয়াকৈ ঐশ্বৰ্য্য ৰায় বচ্চন আৰু জীয়ৰী আৰাধ্যাও আক্ৰান্ত হৈছে কৰ’নাত ৷ইপিনে অমিতাভ বচ্চন আৰু অভিষেকৰ স্বাস্থ্য সুস্থিৰ বুলি জানিব পৰা গৈছে ৷ আনহাতে জয়া বচ্চনৰ কৰ’নাৰ ফলাফল নিগেটিভ পোৱা গৈছে ।

মহেন্দ্ৰ সিং ধোনী সফল ভাৰতীয় টেষ্ট অধিনায়ক হিচাপে পৰিগণিত হৈছে ৷এই মন্তব্য কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা খেলুৱৈ তথা বৰ্তমানৰ বিজেপিৰ সাংসদ গৌতম গম্ভীৰে ৷লগতে গম্ভীৰে কয় যে মহেন্দ্ৰ সিং ধোনী সৌভাগ্যৱান অধিনায়ক ৷

Exit mobile version